জাগীৰোড মহাবিদ্যালয় পৰিয়ালৰ হৈ মহাবিদ্যালয়ৰ অধ্যক্ষ, উপাধ্যক্ষ, আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক আৰু জ্যেষ্ঠ সহযোগী অধ্যাপকৰ এটা প্ৰতিনিধি দলে আজি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়ায় ১,০১,০০১.০০ টকাৰ আৰ্থিক সাহায্য ৷
শেহতীয়া প্ৰলয়ংকৰী বানত ৰাজ্যখনৰ জনসাধাৰণৰ লগতে পশুধন আৰু শষ্যৰ বিস্তৰ ক্ষতি সাধনেৰে বিপৰ্য্যয়ৰ সুচনা কৰি চৰকাৰৰ সন্মুখত যি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিলে তাৰ জোৰা মাৰিবলৈ ৰাজকোষৰ বুজন পৰিমানৰ উন্নয়নমূলক আঁচনিৰ বাবে নিৰ্ধাৰিত ধন ব্যয় হ’ব ৷ সেয়েহে ৰাজ্য চৰকাৰৰ দায়বদ্ধ কৰ্মচাৰী হিচাপে জাগীৰোড মহাবিদ্যালয় পৰিয়ালে এই বৰঙণি আগবঢ়ায় ।
এই বৰঙণিৰ অংশীদাৰী মহাবিদ্যালয় পৰিয়ালৰ সকলো সদস্যৰ শলাগ লোৱাৰ লগতে এই সমগ্ৰ ব্যৱস্থাত অন্যতম গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা জাগীৰোড সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পিয়ুষ হাজৰিকাৰ সহযোগিতাৰ বাবে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ভবেন চন্দ্ৰ নেওগে আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|