প্ৰহসনত পৰিণত চৰকাৰৰ প্ৰতিশ্ৰুতি, বন্ধ হ’ব কাগজ কল

শীঘ্ৰেই তলা ওলমিব জাগীৰোড কাগজ কলত। কাগজ কলক লৈ নেচনেল কোম্পানী ল' ট্ৰিবিউনেলে দিলে ভয়ংকৰ ৰায়।

news18assam
Updated:May 3, 2019, 10:29 PM IST
প্ৰহসনত পৰিণত চৰকাৰৰ প্ৰতিশ্ৰুতি, বন্ধ হ’ব কাগজ কল
শীঘ্ৰেই তলা ওলমিব জাগীৰোড কাগজ কলত। কাগজ কলক লৈ নেচনেল কোম্পানী ল' ট্ৰিবিউনেলে দিলে ভয়ংকৰ ৰায়।
news18assam
Updated: May 3, 2019, 10:29 PM IST
এটা বেয়া খবৰ। শীঘ্ৰেই তলা ওলমিব জাগীৰোড কাগজ কলত। কাগজ কলক লৈ নেচনেল কোম্পানী ল' ট্ৰিবিউনেলে দিলে ভয়ংকৰ ৰায়। প্ৰহসনত পৰিণত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতি। প্ৰস্তাৱ অনুসৰি ২৭০ দিনৰ ভিতৰত চৰকাৰে দাখিল নকৰিলে কোনো প্ৰস্তাৱ আৰু এতিয়া অনিশ্চয়তাই দেখা দিছে কাগজ কলৰ কৰ্মচাৰীৰ ভৱিষ্যতক লৈ। বাজেটত ঘোষিত ৯০ কোটি টকাও এফালে অন্য শিতানত ব্যয় চৰকাৰেৰ আৰু আনহাতে ২৭ মাহে দৰমহাৰ বঞ্চিত কাগজ কলৰ কৰ্মচাৰী। চৰম অনিশ্চয়তাত সোমাই পৰিছে দৰমহা বঞ্চিত কৰ্মচাৰীসকলৰ ভৱিষ্যত। উল্লেখ্য যে দৰমহা নাপাই ৩ দিন পূৰ্বে আত্মহত্যা কৰিছিল জাগীৰোড কাগজ কলৰ বিষয়া বিশ্বজিত্‍ মজুমদাৰে। আত্মহত্যাৰ পূৰ্বে কাগজ কলৰ বিষয়াগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰক দায়ী কৰি লিখি থৈ যায় এক টোকা। নগাঁও আৰু কাছাৰ কাগজ কলক লৈ দিল্লীৰ প্ৰভাৱশালী চক্ৰৰ ষড়যন্ত্ৰৰ উমান পোৱা গৈছে। এই পৰিকল্পনা অনুসৰি ৫ কোটি টকাতেই গতোৱা হ’ব ৫ হাজাৰ কোটি টকাৰ সম্পত্তি। কাগজ কল দুটাৰ সৈতে নিয়োজিত দুই লক্ষাধিক লোকৰ জীৱন সংকটত পেলাই এটা প্ৰভাৱশালী চক্ৰৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ। প্ৰায় ৫ হাজাৰ কোটিটকীয়া কাগজ কল দুটা হিন্দুস্তান পেপাৰ কৰ্প’ৰেচন লিমিটেডে মাত্ৰ ৭৫০ কোটি টকা আদায় লৈ বাবাগুতু ৰঘুৰাম চেট্টীলৈ হস্তান্তৰৰ সিদ্ধান্ত লোৱা হৈছিল। ২০১৬ চনত কেন্দ্ৰীয় চৰকাৰে গঠন কৰা নেচনেল কোম্পানী কেয়াৰে ৫ হাজাৰ কোটিটকীয়া কাগজ কল দুটা হস্তগত কৰাৰ গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। ইতিমধ্যে এই সন্দৰ্ভত সম্পন্ন হৈছে সকলো আইনী প্ৰক্ৰিয়া। কাগজ কল দুটাৰ বাবে আহ্বান কৰা নিবিদাৰ বাবে একমাত্ৰ নেচনেল কোম্পানী কেয়াৰে আৱেদন কৰাত এতিয়া ৭৫০ কোটি টকাৰ সলনি কাগজ কল দুটাৰ বিক্ৰীমূল ৫ কোটি টকা ধাৰ্য হোৱাৰ আশংকাই দেখা দিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি