NRC প্ৰসংগত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰে আলোচনা ৰাজ্যপাল জগদীশ মুখীৰ

News18-Assam
Updated:June 15, 2019, 3:13 PM IST
NRC প্ৰসংগত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰে আলোচনা ৰাজ্যপাল জগদীশ মুখীৰ
নতুন দিল্লীৰ নৰ্থ-ব্লকত গৃহমন্ত্ৰীগৰাকীৰ সৈতে বৈঠকত বহিল অসমৰ ৰাজ্যপালগৰাকী

নতুন দিল্লীৰ নৰ্থ-ব্লকত গৃহমন্ত্ৰীগৰাকীৰ সৈতে বৈঠকত বহিল অসমৰ ৰাজ্যপালগৰাকী

  • Share this:
শুকুৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিলে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে। NRC প্ৰসংগত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়  ৰাজ্যপাল জগদীশ মুখী। লগতে ৰাজ্যখনৰ বহুকইটা গুৰুত্বপূৰ্ণ বিষয়ত অমিত শ্বাহৰ সৈতে আলোচনা কৰে অসমৰ ৰাজ্যপাল মুখীয়ে।

ইফালে  আলোচনাত অৱসৰপ্ৰাপ্ত সেনা বিষয়া সোণাউল্লাহক বিদেশী বুলি ঘোষণা কৰাৰ যি ঘটনা সংঘটিত হৈছিল সেই প্ৰসংগতো গৃহমন্ত্ৰীৰে আলোচনা কৰে জগদীশ মুখীয়ে।বিষয়টোত চৰকাৰৰ কোনো ভুল নাই বুলি দাবী কৰে ৰাজ্যপালগৰাকীয়ে। ৰাজ্যপাল জগদীশ মুখীয়ে কয় যে, তথ্য দাখিলত বিসংগতিয়ে দেখা দিয়াৰ বাবেই বিদেশী ঘোষণা কৰা হৈছিল সোণাউল্লাহক।
আৰু চাওক
পৰৱৰ্তী বাতৰি