বৰপেটাৰ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান একাডেমী অৱ খোল বাদ্যই এই বছৰৰ পৰা আগবঢ়াবলৈ লোৱা 'জগন্নাথ বায়ন বঁটা' কালি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আৰু অসমৰ সঙ্গীত জগতৰ এগৰাকী বৰেণ্য ব্যক্তি ড° বীৰেন্দ্ৰ নাথ দত্তক তেওঁৰ শিলপুখুৰীস্থিত বাসভৱনত প্ৰদান কৰা হয়।
উল্লেখযোগ্য যে, একাডেমী অৱ খোল বাদ্যই সঙ্গীত নাটক একাডেমী বঁটা আৰু 'সত্ৰভূষণ' আৰু 'বৰপেটা শিৰোমণি' উপাধিৰে বিভূষিত সত্ৰীয়া শিল্পী প্ৰয়াত জগন্নাথ বায়নৰ স্মৃতিত বছৰি দিবলৈ মনস্থ কৰা এই বঁটাটিৰ প্ৰথমগৰাকী প্ৰাপক হিচাপে বৰগীতৰ ওজা দয়াল চন্দ্ৰ সূত্ৰধাৰৰ শিষ্য ড° বীৰেন্দ্ৰ নাথ দত্তৰ নাম বিবেচনা কৰে।
একাডেমীয়ে অহা ২২ আৰু ২৩ অক্টোবৰত অনুষ্ঠিত কৰিবলগীয়া 'বৰপেটা সংগীত সমাৰোহ'ৰ সৈতে সংগতি ৰাখি এই বঁটা প্ৰদান কৰাৰ কথা আছিল যদিও ড° বীৰেন্দ্ৰ নাথ দত্তৰ শাৰীৰিক অসুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ ঘৰতে কালি এই বঁটা প্ৰদান কৰা হয়। এই বঁটা প্ৰদান অনুষ্ঠানত একাডেমীৰ হৈ বিশিষ্ট লেখক তথা 'শিক্ষাৰত্ন' বঁটা প্ৰাপক অক্ষয় কুমাৰ মিশ্ৰ, বৰপেটা ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিৰিঞ্চি কুমাৰ দাস, মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক ড° ইন্দ্ৰজ্যোতি ৰায়চোধুৰী, বিশিষ্ট সত্ৰীয়া শিল্পী গুণীন্দ্ৰ নাথ ওজা, সংগীত নাটক একাডেমীৰ যুৱ বঁটা প্ৰাপক মনোজ কুমাৰ দাস, ডঃ নৱজ্যোতি দাস, ডঃ পৰশমণি দাসকে ধৰি কেইবাগৰাকীও লোকৰ লগতে বিশিষ্ট সংগীত পৰিচালক ৰমেন চৌধুৰীও উপস্থিত থাকে।
![]()
বঁটা গ্ৰহণ কৰি আবেগিক হৈ পৰা ড° বীৰেন্দ্ৰ নাথ দত্তই শাৰীৰিক অসুস্থতা স্বত্বেও তেওঁৰ মনৰ অনুভৱ ব্যক্ত কৰিবলৈ চেষ্টা কৰে। এই বঁটা প্ৰদান কৰিবলৈ বৰপেটাৰ কেইবাগৰাকীও ব্যক্তি এনেদৰে তেওঁৰ ঘৰত উপস্থিত হোৱাটো তেওঁৰ বাবে অত্যন্ত সৌভাগ্যৰ কথা বুলি তেওঁ মন্তব্য কৰে। গুণীন্দ্ৰ নাথ ওজাই মনোজ কুমাৰ দাস আৰু কৌশিক দাসৰ সহযোগত পৰিৱেশন কৰা দুটা বৰগীত শুনি আপ্লুত হোৱা ড° দত্তই ওজাৰ লগতে সুৰ মিলোৱাৰ উপৰিও নিজাকৈ এটা বৰগীতৰ এফাঁকি গাই দিয়ে। দয়াল চন্দ্ৰ সূত্ৰধাৰৰ সৈতে তেওঁৰ সান্নিধ্যৰ কথা স্মৰণ কৰাৰ লগতে ড° দত্তই বৰপেটাত সম্মুখীন হোৱা বিভিন্ন সৰু সৰু অভিজ্ঞতাৰ কথা খণ্ডিত ৰূপত স্মৃতি ৰোমন্থন কৰে।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|