কইনা বিচাৰি অসমলৈ আহিছে কেলিফৰ্ণিয়াৰ এগৰাকী অধ্যাপক, মাজুলীলৈ আহি পৰিছিল অসমীয়াৰ প্ৰেমত

News18 Assam | News18-Assam
Updated:January 10, 2020, 1:47 PM IST
কইনা বিচাৰি অসমলৈ আহিছে কেলিফৰ্ণিয়াৰ এগৰাকী অধ্যাপক, মাজুলীলৈ আহি পৰিছিল অসমীয়াৰ প্ৰেমত
এতিয়া জেকবক লাগে এগৰাকী সুন্দৰ অসমীয়া যুৱতী। যাৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব বিচাৰে জেকব।

এতিয়া জেকবক লাগে এগৰাকী সুন্দৰ অসমীয়া যুৱতী। যাৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব বিচাৰে জেকব।

  • Share this:
সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা কইনা বিচাৰি অসমলৈ আহিছে এজন যুৱক। যুৱকজন কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ অধ্যাপক। নাম জেকব ৰচ। বিয়াৰ প্ৰস্তাৱ লৈ আমেৰিকাৰ পৰা মাজুলীত উপস্থিত হৈছে এইজন যুৱক। এবছৰ পূৰ্বে মাজুলীলৈ আহি অসম আৰু অসমীয়াৰ প্ৰেমত পৰিছিল জেকব।

এতিয়া জেকবক লাগে এগৰাকী সুন্দৰ অসমীয়া যুৱতী। যাৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব বিচাৰে জেকব। অসম আৰু অসমৰ কলা–সংস্কৃতিৰ প্ৰেমত পৰা জেকবে পত্নী হিচাপে পাব বিচাৰে এগৰাকী অসমীয়া যুৱতীক।

অসম আৰু অসমীয়া সমাজ জীৱনৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰক নিবিড় সম্পৰ্কৰ বান্ধোনেৰে বান্ধিব বিচাৰিছে জেকবে।

(মাজুলীৰ পৰা সঞ্জীৱ অসম বৰাৰ ৰিপ’ৰ্ট)

NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি