• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam BJP : ইতিহাস হ'ল অসম বিজেপিৰ প্ৰতিষ্ঠা কালৰ অসম আৰ্হিৰ কাৰ্যালয়টো, য'ত আছে প্ৰধানমন্ত্ৰীৰো নষ্টালজিয়া

Assam BJP : ইতিহাস হ'ল অসম বিজেপিৰ প্ৰতিষ্ঠা কালৰ অসম আৰ্হিৰ কাৰ্যালয়টো, য'ত আছে প্ৰধানমন্ত্ৰীৰো নষ্টালজিয়া

বহুতৰে ত্যাগ,কষ্ট,আৱেগ সকলো স্মৃতি হৈ থাকিব অসম আৰ্হিৰ ঘৰটোৰ সৈতে

বহুতৰে ত্যাগ,কষ্ট,আৱেগ সকলো স্মৃতি হৈ থাকিব অসম আৰ্হিৰ ঘৰটোৰ সৈতে

বহুতৰে ত্যাগ,কষ্ট,আৱেগ সকলো স্মৃতি হৈ থাকিব অসম আৰ্হিৰ ঘৰটোৰ সৈতে

  • Share this:
অসম প্ৰদেশ বিজেপিৰ বাবে এখন বন্ধাই থ'ব পৰা ফটো ৷ আজিৰ তাৰিখত ফটোখনে যথেষ্ট গুৰুত্ব লাভ কৰিছে ৷ ফটোখন কিয় প্ৰাসংগিক আজিৰ তাৰিখত সেই কথা ক'বলৈ গ'লে আমি উভতি চাব লাগিব ৮০ৰ দশকলৈ ৷ ভিন্ন সংগ্ৰামৰ মাজেৰে অসমত সাহসিকতাৰে অসম প্ৰদেশ বিজেপি আনুষ্ঠানিকভাৱে আৰম্ভ হৈছিল উজান বজাৰতে, যাৰ আহ্বায়ক আছিল প্ৰয়াত লক্ষেশ্বৰ গোহাঁই (ADVISER LAKHESWAR GOHAIN) আৰু কবীন্দ্ৰ পুৰকায়স্থ (KABINDRA PURKAYASTHA) ৷

সেই নতুন সমিতিখনৰ দায়িত্ব লাভ কৰিছিল ১৯৮০ৰ পৰা '৮৩লৈ প্ৰয়াত উমা নাথ শৰ্মাই ৷ তিনিবছৰীয়া কাৰ্যকাল উমানাথ শৰ্মাৰ সমাপ্ত হোৱাত ১৯৮৩-৮৫লৈ সভাপতিৰ দায়িত্ব লৈছিল দলটোৰ অসম প্ৰদেশৰ আহ্বায়ক লক্ষেশ্বৰ গোহাঁয়ে ৷ লক্ষেশ্বৰ গোহাঁইৰ পিছত চক্ৰেশ্বৰ শইকীয়া, ডাঃ যোগেশ্বৰ মহন্তই ১৯৮৯ চনলৈকে চম্ভালিলে কাৰ্যকাল৷ ইয়াৰ পিছতে ১৯৮৯ চনৰ পৰা তিনিটা কাৰ্যকাল ১৯৯৫লৈ সমাপন কৰিলে প্ৰবীণ বৰুৱাই ৷

সদ্যপ্ৰয়াত বিজেপিৰ ৰাজ্যিক সভাপতি ইন্দ্ৰমণি বৰাৰ কাৰ্যকাল ১৯৯৫-৯৭ আৰু ২০০৩-০৬ ৷ ইন্দ্ৰমণি বৰাৰ এই দুটা টাৰ্মৰ মাজত ১৯৯৭-৯৯লৈ  নাৰায়ণ চন্দ্ৰ বৰকটকী আৰু ১৯৯৯ৰ পৰা ২০০৩লৈ সভাপতি আছিল ৰাজেন গোহাঁই ৷ ৰাজেন গোহাঁই সভাপতি হৈ থকাৰ এই সময়ছোৱালৈকে উজানবজাৰেই আছিল বিজেপিৰ প্ৰাণকেন্দ্ৰ ৷

উজানবজাৰৰ কাৰ্যালয়টো উত্তৰ পূবৰো মুখ্য কাৰ্যালয় হোৱাৰ লগতে একাধাৰে ৰাজ্যিক আৰু মহানগৰ জিলা বিজেপিৰো কাৰ্যালয় হিচাপে আছিল ২০০৩ চন পৰ্যন্ত ৷ ২০০৩ত উজানবজাৰৰ পৰা ৰাজগড়লৈ স্থানান্তৰ হৈছিল ৰাজ্যিক বিজেপিৰ কাৰ্যালয় ৷ অৱশ্যেই এইকেইজন সভাপতিক বাদ দি উজানবজাৰৰ পৰিৱৰ্তে ৰাজগড় আৰু হেঙেৰাবাৰীত সভাপতি হিচাপে কাৰ্য সম্পাদন কৰিছিল  ৰমেন ডেকা, ৰঞ্জিত দত্ত, সিদ্ধাৰ্থ ভট্টাচাৰ্য, সৰ্বানন্দ সোণোৱাল, ৰণজিৎ দাস আৰু বৰ্তমানৰ সভাপতি ভৱেশ কলিতাই ৷



সোমবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই মুকলি কৰিব উজানবজাৰৰ পুৰণি ভাড়াঘৰটো ভাঙি নতুনকৈ নিৰ্মাণ কৰা আটকধুনীয়া বিজেপিৰ উত্তৰ–পূবৰ কাৰ্যালয় পদ্ম ভৱন ৷ ২০১৮ চনলৈকে ভাড়াত চলা কাৰ্যালয়টোৰ ভূমিখিনি ক্ৰয় কৰিছিল বিজেপিয়ে ৷ ২০১৯ৰ মাৰ্চত তদানীন্তন ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম লালে প্ৰাক্তন  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা নেডাৰ আহ্বায়ক ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আধাৰশিলা কৰিছিল 'পদ্ম ভৱন'ৰ ৷

"পুৰণি কাৰ্যালয়টোলৈ কোন অহা নাছিল!  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসম আন্দোলনৰ সময়ছোৱাত উজানবজাৰৰ কাৰ্যালয়টোতে বিশ্ৰাম লৈছিল ৷ সেই সময়ত পুৰণি কাৰ্যালয়টোৰ পৰাই হিৰণ্য ভট্টাচাৰ্যৰ স্কুটাৰৰ আৰোহীও হৈছিল মোদী ডাঙৰীয়া ৷ প্ৰয়াত বাজপেয়ী ডাঙৰীয়াকে ধৰি সেই সময়ৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ অধিকাংশই আহিছিল পুৰণি কাৰ্যালয়টোলৈ ৷ অসম বিজেপিৰ হিৰণ্য ভট্টাচাৰ্যৰ পৰা ইন্দ্ৰমণি বৰালৈকে;  ৰাজেন গোহাঁই, ৰমেন ডেকাৰ পৰা হৰেকৃষ্ণ ভৰালীলৈকে অনেক লোকৰ অনেক কথাৰ সাক্ষী আছিল উজান বজাৰৰ পুৰণি কাৰ্যালয়টো ৷"— কথাখিনি কৈছিল বিজেপিৰ উত্তৰ–পূবৰ কাৰ্যালয় প্ৰমুখ মানস ৰায় মেধিয়ে।

উল্লেখ্য যে অসমৰ লগতে অৰুণাচল, মণিপুৰ আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীও উপস্থিত থাকিব সোমবাৰে 'পদ্ম ভৱন' মুকলি অনুষ্ঠানত ৷ উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু, প্ৰতিভা ভৌমিক, ৰামেশ্বৰ তেলী ৷ লগতে থাকিব আঠ ৰাজ্যৰ বিজেপি সভাপতিসকলো ৷ অৱশ্যে,কেৰালাত এক এৰিব নোৱৰা ব্যস্ততাৰ বাবে উপস্থিত থাকিব নোৱাৰিব কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ সংসদীয় সমিতিৰ সদস্য সৰ্বানন্দ সোণোৱাল ৷
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি