• Home
  • »
  • News
  • »
  • assam
  • »
  • Jorhat-Majuli Ferry Service : নিতৌ নিৰ্দিষ্ট সময়ত কমলাবাৰীলৈ ৪ বাৰ আৰু অফলামুখলৈ ৩ বাৰ ফেৰী চলিব নিমাতীঘাটৰ পৰা, দৈনিক মালবাহী ফেৰী চলিব এবাৰ

Jorhat-Majuli Ferry Service : নিতৌ নিৰ্দিষ্ট সময়ত কমলাবাৰীলৈ ৪ বাৰ আৰু অফলামুখলৈ ৩ বাৰ ফেৰী চলিব নিমাতীঘাটৰ পৰা, দৈনিক মালবাহী ফেৰী চলিব এবাৰ

Jorhat-Majuli Ferry Service : আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অধীনত সোমবাৰে ১১খন মিনি ট্ৰাকৰ সামগ্ৰী লৈ নিমাতীঘাটৰ পৰা মাজুলীলৈ যাতায়াত আৰম্ভ কৰে উক্ত ফেৰীখনে ৷

Jorhat-Majuli Ferry Service : আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অধীনত সোমবাৰে ১১খন মিনি ট্ৰাকৰ সামগ্ৰী লৈ নিমাতীঘাটৰ পৰা মাজুলীলৈ যাতায়াত আৰম্ভ কৰে উক্ত ফেৰীখনে ৷

Jorhat-Majuli Ferry Service : আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অধীনত সোমবাৰে ১১খন মিনি ট্ৰাকৰ সামগ্ৰী লৈ নিমাতীঘাটৰ পৰা মাজুলীলৈ যাতায়াত আৰম্ভ কৰে উক্ত ফেৰীখনে ৷

  • Share this:
আভ্যন্তৰীণ জল পৰিবহণ বিভাগে জনসাধাৰণৰ সুবিধাৰ্থে যোৰহাটৰ নিমাতীঘাট (Nimatighat)ৰ পৰা মাজুলী (Majuli)লৈ চলাচল কৰা ফেৰীসমূহৰ চলাচলৰ সময় নিৰ্ধাৰণ কৰি দিছে ৷ যাত্ৰীসকলে যাতে ফেৰীঘাটত অপেক্ষা কৰি সময় নষ্ট কৰিব লগা নহয় তথা এক নিৰ্দিষ্ট সময়ত যাতে যাতায়ত কৰিব পাৰে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি বিভাগটোৱে  জানিবলৈ দিছে ৷ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সঞ্চালক গৌতম দাসে জনোৱা অনুসৰি নিমাতীঘাটৰ পৰা মাজুলীৰ অফলামুখ ঘাটলৈ দিনটোত ৩ বাৰকৈ ফেৰী চলাচল কৰিব ৷ ইচ্ছুক ব্যক্তিয়ে পুৱা ৮ বজাত, দিনৰ ১১: ৩০ বজাত আৰু দিনৰ ৩ বজাত নিমাতীঘাটৰ পৰা মাজুলীলৈ যাত্ৰা কৰিব পাৰিব ৷ সেইদৰে, নিমাতীঘাটৰ পৰা দিনটোত ৪ বাৰ মাজুলীৰ কমলাবাৰী (Kamalabari) ঘাটলৈ ফেৰী চলাচল কৰিব৷ সেই অনুসৰি নিমাতীঘাটৰ পৰা পুৱা ৮:৩০ বজাত, ১০:৩০ বজাত, ১২:৩০ বজাত আৰু ৩:৩০ বজাত ফেৰীৰ সময় নিৰ্ধাৰণ কৰি দিয়া হৈছে ।

আনহাতে সোমবাৰৰ পৰা নিমাতীঘাটত নতুনকৈ সংযোজন ঘটোৱা হৈছে এখন সুকীয়া ব্যৱসায়ীক সামগ্ৰী কঢ়িয়াই নিব পৰা ফেৰী ৷  আভ্যন্তৰীণ জল পৰিবহণ বিভাগ (Inland Water Transport Department)ৰ অধীনত সোমবাৰে ১১খন   মিনি ট্ৰাকৰ সামগ্ৰী লৈ নিমাতীঘাটৰ পৰা মাজুলীলৈ যাতায়াত আৰম্ভ কৰে উক্ত ফেৰীখনে ৷ বিভাগটোৱে ৰাইজৰ সুবিধাৰ্থে সপ্তাহত ৩ দিন যোৰহাটৰ পৰা অফলালৈ আৰু ৪ দিন কমলাবাৰীলৈ সামগ্ৰী কঢ়িয়াই নিয়াৰ ব্যৱস্থা কৰিছে ৷ সেই অনুসৰি সোম, মঙ্গল, বৃহস্পতি আৰু শনিবাৰে দিনৰ ২:৩০ বজাত উক্ত ফেৰীখনে ব্যৱসায়ীক সামগ্ৰী লৈ কমলাবাৰী লৈ যাত্ৰা কৰিব ৷ আনহাতে দেওবাৰ, বুধবাৰ আৰু শুক্ৰবাৰে ফেৰীখনে দিনৰ ২:৩০ বজাত নিমাতীঘাটৰ পৰা অফলামুখলৈ সামগ্ৰী কঢ়িয়াই লৈ যাব ৷

অচিৰেই যোৰহাটৰ পৰা মাজুলীলৈ ৰ'-পেক্স (Ro-Pax)কে ধৰি মুঠ ৮ খন যাত্ৰীবাহী জাহাজ আৰু ফেৰীৰ চলাচল নিয়মীয়া হৈ পৰিলে যাত্ৰীসকলৰ বাবে যোৰহাট-মাজুলী (Jorhat-Majuli)ৰ মাজত যাতায়াত ব্যৱস্থা অধিক সুচল হৈ পৰিব ‌।
Published by:Manjumoni Borah
First published: