কয়লাৰ ক'লা দাগ প্ৰদ্যুৎ বৰদলৈৰ কামিজত! ইজনৰ পিছত সিজন বিজেপি নেতাৰ টাৰ্গেট সাংসদ প্ৰদ্যুৎ বৰদলৈ

কয়লাৰ ক'লা ৰঙেৰে কলীয়া সাংসদ প্ৰদ্যুৎ বৰদলৈ !

News18-Assam
Updated:October 4, 2019, 9:20 PM IST
কয়লাৰ ক'লা দাগ প্ৰদ্যুৎ বৰদলৈৰ কামিজত! ইজনৰ পিছত সিজন বিজেপি নেতাৰ টাৰ্গেট সাংসদ প্ৰদ্যুৎ বৰদলৈ
কয়লাৰ ক'লা ৰঙেৰে কলীয়া সাংসদ প্ৰদ্যুৎ বৰদলৈ !
News18-Assam
Updated: October 4, 2019, 9:20 PM IST
কয়লাৰ ক'লা দাগ হেনো প্ৰদ্যুৎ বৰদলৈৰ কামিজত ৷ কয়লাৰ ক'লা ৰঙেৰে কলীয়া সাংসদ প্ৰদ্যুৎ বৰদলৈ ৷ বিজেপি নেতা মমিনুল আৱালৰ পিছত এইবাৰ বোকাজানৰ বিধায়ক ডা৹ নোমল মমিন সৰব হ'ল প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে ৷

বিজেপি নেতা মমিনুল আৱালৰ পিছত নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে সৰব হ'ল বোকাজানৰ বিজেপি বিধায়ক ডা৹ নোমল মমিন ৷ কয়লা ছিণ্ডিকেটৰ প্ৰসংগত কিছুদিন ধৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক টাৰ্গেট কৰি প্ৰদ্যুৎ বৰদলৈয়ে কৰা মন্তব্যক দুৰ্ভাগ্যজনক আখ্যা দি নোমল মমিনে দিলে চৰকাৰে লোৱা ব্যৱস্থাৰ তালিকা। কয়লা ছিণ্ডিকেটৰ অভিযোগত ৩০৩টা গোচৰ ৰুজু। গ্ৰেপ্তাৰ হৈছে  ৪৯৯জন লোক।৬০২খন বাহন জব্দ কৰাৰ লগতে ৯৭৫ মেট্ৰিক টন কয়লাও জব্দ কৰিছে ৰাজ্য চৰকাৰে।

কয়লাৰ প্ৰসংগত মুখ্যমন্ত্ৰীক নাসাঙুৰিবলৈ সকিয়নী দি নোমল মমিনৰ চেলেঞ্জ প্ৰদ্যুৎ বৰদলৈক ৷ কয়লা ছিণ্ডিকেটত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল জড়িত থকাৰ প্ৰমাণ দিলে

ৰাজনীতি ত্যাগ কৰিব মুখ্যমন্ত্ৰী সোণোৱালে।

ইফালে মাৰ্ঘেৰিটাৰ প্ৰসন্ন টুৰুঙৰ হত্যাকাৰী বুলি প্ৰদ্যুৎ বৰদলৈক অভিহিত কৰি নোমল মমিনে আনিলে বৰদলৈৰ বিৰুদ্ধে কৰিলে আন এক গুৰুতৰ অভিযোগ। মমিনে কয় যে,
ট্ৰাইবেল বে'ল্টৰ ভূমি দখল কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে।

এনেদৰেই ইটোৰ পিছত সিটো মহা অভিযোগেৰে শুকুৰবাৰে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক থকা সৰকা কৰিলে বিধায়ক ডা৹ নোমল মমিনে ৷ লক্ষ্যণীয় হ'ব প্ৰদ্যুৎ বৰদলৈয়ে নোমল মমিনৰ চেলেঞ্জ গ্ৰহন কৰে নে নাই সেয়াহে ৷
আৰু চাওক পৰৱৰ্তী বাতৰি