বদৰুদ্দিন আজমলে বিষটোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ঘটনাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জড়িত থকাৰ অভিযোগ আনে।
বদৰুদ্দিন আজমলে বিষটোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ঘটনাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জড়িত থকাৰ অভিযোগ আনে।
শিলচৰ বিমান বন্দৰত বদৰুদ্দিন আজমলৰ সমৰ্থকে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াৰ অভিযোগ। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভিডিঅ’ নিজৰ ছচিয়েল মিডিয়া চাইটত আপলোড কৰি পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া সকলৰ মৌলবাদী, দেশদ্ৰোহী আখ্যা দিলে। আনহাতে ঘটনাত সাঙুৰিলে কংগ্ৰেছ দলকো। লগে লগে AIUDFৰ ফালৰ পৰা বিষয়টোৰ সন্দৰ্ভত স্পষ্টীকৰণ দি আজিজ খান জিন্দাবাদ ধ্বনি দিয়া বুলিহে মন্তব্য কৰে।
পিছত বদৰুদ্দিন আজমলে বিষটোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ঘটনাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জড়িত থকাৰ অভিযোগ আনে। বদৰুদ্দিন আজমলে কয় যে, ‘শিলচৰ বিমানবন্দৰত এআইইউডিএফ সমৰ্থকে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া বুলি ভুৱা প্ৰচাৰ চলোৱা মন্ত্ৰী হিমন্ত হিমন্ত বিশ্ব শৰ্মাই ৰাজুহুৱাকৈ ক্ষমা বিচাৰিব লাগে।’
বদৰুদ্দিন আজমলে লগতে কয় যে, ‘এগৰাকি মন্ত্ৰীয়ে নিজৰ চেনেলৰ যোগেদি আৰু ফেচবুক আৰু ট্যুইট কৰি এনে অপপ্ৰচাৰ চলাই জুই লগাই দিলে। এয়া ফেক নিউজ বুলি জানিব পাৰি বাকী সকলো সংবাদমাধ্যমে প্ৰচাৰ বন্ধ কৰি দিলে। গতিকে বাকী সংবাদ মাধ্যমক ধন্যবাদ জনাইছো। নিৰ্যাতনৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিন্দু-মুছলমানৰ মাজত কাজিয়া লগাবলৈ চেষ্টা কৰিছে।’ বদৰুদ্দিন আজমলে প্ৰয়োজন হ’লে মন্ত্ৰী হিমন্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ’ব বুলি জনায়।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|