মুখ্যপৃষ্ঠা »খবৰ »অসম »দৃষ্টি ৰাজখোৱাৰ জৰিয়তে পৰেশ বৰুৱাক বশ কৰা অসম্ভৱ!

দৃষ্টি ৰাজখোৱাৰ জৰিয়তে পৰেশ বৰুৱাক বশ কৰা অসম্ভৱ!

আমাৰ হাতত পৰা তথ্য মতে, সাধাৰণ সম্পাদক অনুপ চেতিয়াই আলোচনাপন্থী গোটত চামিল কৰাৰ প্ৰস্তাৱ দিছে দৃষ্টি ৰাজখোৱা ওৰফে মনোজ ৰাভাক ৷

আমাৰ হাতত পৰা তথ্য মতে, সাধাৰণ সম্পাদক অনুপ চেতিয়াই আলোচনাপন্থী গোটত চামিল কৰাৰ প্ৰস্তাৱ দিছে দৃষ্টি ৰাজখোৱা ওৰফে মনোজ ৰাভাক ৷

  • Share this:
২১ নৱেম্বৰত মেঘালয়ত সেনা চোৰাংচোৱাৰ ওচৰত আত্মসমৰ্পণ কৰা দৃষ্টি ৰাজখোৱাক লৈ এতিয়া তৎপৰ অনুপ চেতিয়া ৷ দুদিন ৰঙিয়াৰ ৰেডহৰ্ণ ডিভিজনত সেনাৰ কব্জাত থকা আলফা স্বাধীনৰ উপ-মুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱা সম্প্ৰতি অসম আৰক্ষীৰ জিম্মাত আছে ৷ পিছে দৃষ্টিক লৈ কি কৰিব বিচাৰিছে অনুপ চেতিয়াই?

আমাৰ হাতত পৰা তথ্য মতে, সাধাৰণ সম্পাদক অনুপ চেতিয়াই আলোচনাপন্থী গোটত চামিল কৰাৰ প্ৰস্তাৱ দিছে দৃষ্টি ৰাজখোৱা ওৰফে মনোজ ৰাভাক ৷



এইক্ষেত্ৰত আলোচনাৰ মেজত থকা আলফাৰ নেতৃত্বই আনুষ্ঠানিক সিদ্ধান্ত ল'ব দুই-এদিনতে ৷ লগতে অসম চৰকাৰকো অৰবিন্দ ৰাজখোৱা আৰু অনুপ চেতিয়া নেতৃত্বাধীন আলফাই দিব প্ৰস্তাৱ ৷ কিয়নো আত্মসমৰ্পণ কৰা দৃষ্টি ৰাজখোৱাক আলোচনাৰ মেজলৈ আনিবলৈ হ'লে প্ৰয়োজন হ'ব ৰাজ্য চৰকাৰৰ অনুমোদনৰ ৷ এইক্ষেত্ৰত ৰাজ্য চৰকাৰে অনুমোদন দিবলৈ সাজু বুলিও দিছপুৰৰ এক শীৰ্ষ সুত্ৰই সদৰি কৰিছে ৷

ইপিনে সেনাৰ জিম্মাত থকাৰ কালত দৃষ্টি ৰাজখোৱাক প্ৰশ্ন কৰা হৈছিল সংগঠনৰ মুখ্য সেনাধ্যক্ষ তথা উপ সভাপতি পৰেশ বৰুৱাৰ অৱস্থিতি সম্পৰ্কত ৷ কিন্ত আমাৰ হাতত পৰা খবৰ মতে, দৃষ্টিৰ হাতত নাই পৰেশ বৰুৱা সন্দৰ্ভত বিশেষ তথ্য ৷ এনেসন্ধিক্ষণত সম্ভৱ নহয় দৃষ্টি ৰাজখোৱাৰ জৰিয়তে পৰেশ বৰুৱাক ঢুকি পোৱাটো ৷ ইয়াৰ লগতে News18ৰে হোৱা টেলিফোনিক বাৰ্তালাপত পৰেশ বৰুৱাই কোনো কাৰণত কেতিয়াও আত্মসমৰ্পণ বা সাৰ্বভৌম স্বাধীন অসমৰ নামত আপোচ নকৰে বুলি স্পষ্ট কৰি আহিছে ৷ ইপিনে দৃষ্টি ৰাজখোৱাই আলোচনাপন্থী গোটত যোগ দিব নে নাই, সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷

শেহতীয়া বাতৰি