মুখ্যপৃষ্ঠা »খবৰ »অসম »Rahul Gandhi|Himanta Biswa Sarma: সোমবাৰে সন্মুখ সমৰত ৰাহুল গান্ধী Vs হিমন্ত বিশ্ব শৰ্মা, চাওক সবিশেষ

Rahul Gandhi|Himanta Biswa Sarma: সোমবাৰে সন্মুখ সমৰত ৰাহুল গান্ধী Vs হিমন্ত বিশ্ব শৰ্মা, চাওক সবিশেষ

Rahul Gandhi|Himanta Biswa Sarma: সোমবাৰে মণিপুৰত ৰাহুল গান্ধী বনাম হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী যুঁজ। আকৰ্ষণীয় হ'ব মণিপুৰৰ মহামানডে।   

Rahul Gandhi|Himanta Biswa Sarma: সোমবাৰে মণিপুৰত ৰাহুল গান্ধী বনাম হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী যুঁজ। আকৰ্ষণীয় হ'ব মণিপুৰৰ মহামানডে।   

  • Share this:
বিগত কিছুদিন ৰাহুল গান্ধী (Rahul Gandhi)ক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই কৰা মন্তব্যক লৈ উত্তাল হৈ আছে সমগ্ৰ দেশ । উত্তৰাখণ্ডত নিৰ্বাচনী প্ৰচাৰ চলাব গৈ মুখ্যমন্ত্ৰীয়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল ৰাহুল গান্ধীক। ইয়াৰ পূৰ্বেও ৰাহুল গান্ধীয়ে কুকুৰক খাবলৈ দিয়া বিস্কূটকে অসমৰ পৰা যোৱা কংগ্ৰেছী নেতাক খাবলৈ দিয়া প্ৰসংগৰো উল্লেখ কৰি কিছুদিন আগতে ৰাহুলক টাৰ্গেট কৰিছিল। এতিয়া সোমবাৰে এই দুই প্ৰতিপক্ষ মুখা-মুখি হোৱাৰ সময় আহি পৰিছে।

ৰাহুল-হিমন্ত (Rahul Vs Himanta) সমুখ সমৰত নামিব মণিপুৰ (Manipur)ত। সোমবাৰে মণিপুৰত নিৰ্বাচনী প্ৰচাৰ চলাব হিমন্ত বিশ্ব শৰ্মাই। মণিপুৰ বিধানসভা নিৰ্বাচন (Manipur Assembly Election)ৰ বাবে বিজেপিৰ হৈ প্ৰচাৰ চলাব হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে হিমন্ত বিশ্ব হৈছে নেডা (NEDA)ৰো আহ্বায়ক।

আনহাতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও সোমবাৰে মণিুৰলৈ আহিব কংগ্ৰেছৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ। ইম্ফল (Imphal)ত নিৰ্বাচনী সভাত অংশ ল'ব ৰাহুল গান্ধীয়ে। মণিপুৰ প্ৰদেশ কংগ্ৰেছৰ নেতাসকলৰ সৈতেও বৈঠকত মিলিত হ'ব ৰাহুল গান্ধী।

অৰ্থাৎ সোমবাৰে একেটা দিনতে মণিপুৰত নিৰ্বাচনী ৰেলীত ভাগ ল'ব ৰাহুল-হিমন্তই। এক কথাত সোমবাৰে মণিপুৰত ৰাহুল গান্ধী বনাম হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী যুঁজ। আকৰ্ষণীয় হ'ব মণিপুৰৰ মহামানডে।

শেহতীয়া বাতৰি