মাজতে অৱশ্যে দুই বছৰ অসমৰ ফুটবলাৰ অবিহনে যুঁজত নামিছিল নৰ্থ ইষ্ট দলে।
মাজতে অৱশ্যে দুই বছৰ অসমৰ ফুটবলাৰ অবিহনে যুঁজত নামিছিল নৰ্থ ইষ্ট দলে।
কোভিড-১৯ৰ মাজতে অসমৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে ভাল খবৰ। ঘৰুৱা তিনি খেলুৱৈৰে এইবাৰ আই এছ এলত চমক দিবলৈ সাজু হৈছে জন আব্ৰাহাম মালিকানাধীন নৰ্থ ইষ্ট ইউনাইটেড এফ চি চমুকৈ NEUFC। আই এছ এলৰ প্ৰথম বৰ্ষতেই অসমৰ এলেন দেউৰী আৰু দুর্গা বড়োক লৈ দল গঠনেৰে জনপ্ৰিয়তাৰ শীৰ্ষত আছিল নৰ্থ ইষ্ট দল। পিছলৈ এলেন-দুৰ্গাক এৰি অসমৰে অভিজ্ঞ আন্তঃৰাষ্ট্ৰীয় মিডফিল্ডাৰ হলিচৰণ নাৰ্জাৰীক লৈছিল নৰ্থ ইষ্ট ইউনাইটেড দলে।
মাজতে অৱশ্যে দুই বছৰ অসমৰ ফুটবলাৰ অবিহনে যুঁজত নামিছিল নৰ্থ ইষ্ট দলে। শেষহীয়াভাৱে ২০১৯ চনৰ ষষ্ঠ সংস্কৰণৰ আই এছ এলত অসমৰ দুগৰাকী ফুটবলাৰ ক্ৰমে ডিমা হাছাওৰ ডিফেণ্ডাৰ ৰাকেশ প্ৰধান আৰু দেৰগাঁৱৰ ফৰৱাৰ্ড দীপু মিৰ্ধাক নৰ্থ ইষ্ট ইউনাইটেড দলে তিনিবছৰৰ বাবে দলত চুক্তিবদ্ধ কৰাইছিল।
সুযোগৰ সৎ ব্যৱহাৰ কৰি ৰাকেশ প্ৰধান আৰু দীপু মিৰ্ধাই সুন্দৰ খেল প্ৰদৰ্শন কৰিছিল। ঘৰুৱা দলটোৱে অসমৰ দুযোগৰাকী খেলুৱৈ থাকোতে এইবাৰ চুক্তিবদ্ধ কৰিছে অসমৰে বকোৰ বোন্দাপাৰাৰ নবীন ৰাভাক। মুঠৰ ওপৰত প্ৰথম বাৰলৈ অসমৰ তিনি প্ৰতিভাৱান ফুটবলাৰক লৈ দল গঠনেৰে আশাবাদী হৈ পৰিছে ঘৰুৱা দলটো। জুলাইৰ অন্তিম সপ্তাহৰ পৰা নৰ্থ ইষ্টৰ অনুশীলন আৰম্ভ হ’ব।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|