ডাঙৰ কথাটো হ’ল, বুধবাৰৰ খেলৰ সময় এতিয়ালৈ ঘোষণা কৰা নাই ISL কৰ্তৃপক্ষই।
ডাঙৰ কথাটো হ’ল, বুধবাৰৰ খেলৰ সময় এতিয়ালৈ ঘোষণা কৰা নাই ISL কৰ্তৃপক্ষই।
বিশ্ব ফুটবলৰ এক নাভূত–নাশ্ৰুত তথা দুৰ্ভাগ্যজনক ঘটনাৰ সাক্ষী হ’ব গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়াম। বুধবাৰে বন্ধ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আই এছ এলৰ এখন গুৰুত্বপূৰ্ণ খেল। সাম্প্ৰতিক সময়ৰ প্ৰতি লক্ষ্য ৰাখি ঘৰুৱা নৰ্থ ইষ্ট ইউনাইটেড বনাম বাংগালুৰু এফ চিৰ লীগৰ খেলত প্ৰৱেশ নিষিদ্ধ কৰিছে দৰ্শকৰ।
খবৰ অনুসৰি, জিলা প্ৰশাসনৰ পৰা সেউজ সংকেত নোপোৱাৰ বাবেই আয়োজকসকলে লৈছে এই সিদ্ধান্ত। তাতোকৈ ডাঙৰ কথাটো হ’ল, বুধবাৰৰ খেলৰ সময় এতিয়ালৈ ঘোষণা কৰা নাই ISL কৰ্তৃপক্ষই। দৰ্শকে উদ্ভণ্ডালি কৰিব বুলিয়েই আয়োজকসকলে লৈছে এই সিদ্ধান্ত। আই এছ এল কৰ্তৃপক্ষৰ সিদ্ধান্তত হতভম্ব নৰ্থ ইষ্টৰ সমৰ্থকে গৰিহণা দিছে চৰকাৰক।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|