ISISৰ টাৰ্গেট গোৱালপাৰাৰ ৰাস, বোমা–বাৰুদ সহ গ্ৰেপ্তাৰ তিনি জেহাদী

News18-Assam
Updated:November 25, 2019, 4:30 PM IST
ISISৰ টাৰ্গেট গোৱালপাৰাৰ ৰাস, বোমা–বাৰুদ সহ গ্ৰেপ্তাৰ তিনি জেহাদী
ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল অসম তথা দিল্লী

ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল অসম তথা দিল্লী

  • Share this:
ৰাসত ISIS ৰ চকু।  ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল অসম । দুধনৈৰ ৰাসমহোৎসৱ বোমাৰে উৰুৱাই দিয়াৰ ভয়ংকৰ পৰিকল্পনা। গোৱালপাৰাত ISIS তিনি দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী গ্ৰপ্তাৰ। IED ৰ সৈতে দিল্লীৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সন্ত্ৰাসবাদীৰ দলটোক। অভিযুক্ত সন্ত্ৰাসবাদী কেইটাৰ নাম জামিউল জামাল, মোকাদ্দেছ ইছলাম আৰু ৰঞ্জিত আলী। সন্ত্ৰাাসবাদী কেইটাৰ পৰা  বোমা–বাৰুদ আৰু টাইমাৰ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। ধৃত সন্ত্ৰাদবাদী কেইটাই বিভিন্ন কৰ্মত নিয়োজিত হৈ গোপনে চলাইছিল বিস্ফোৰণৰ পৰিকল্পনা। এটা সন্ত্ৰাসবাদীয়ে মাছৰ ব্যৱসায় কৰাৰ লগতে, এটাই আধাৰ কাৰ্ড নিৰ্মাণৰ কাম কৰিছিল। আনহাতে এটাই চলাইছিল গাড়ী। এনেবোৰ কামতে নিয়োজিত হৈ গোপনে চলাই গৈছিল সংগঠনৰ কাম–কাজ।

দিল্লী আৰক্ষীৰ বিশেষ চেলে গোৱালপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰে সন্ত্ৰাসবাদী কেইটাক। পৰীক্ষামূলক ভাবে দুধনৈৰ ৰাস মহোৎসৱ বোমাৰে উৰুৱাই দিল্লীত ভয়ংকৰ বিস্ফোৰণৰ অভিসন্ধি ৰচিছিল সন্ত্ৰাসবাদীৰ দলটোৱে।
আৰু চাওক
পৰৱৰ্তী বাতৰি