মুখ্যপৃষ্ঠা »খবৰ »অসম »C K College Bongaigaon : ঈশান উদয় কেলেংকাৰি, বঙাইগাঁও জিলাৰ চাকলাস্থিত চি কে কলেজৰ অধ্যক্ষক আটক

C K College Bongaigaon : ঈশান উদয় কেলেংকাৰি, বঙাইগাঁও জিলাৰ চাকলাস্থিত চি কে কলেজৰ অধ্যক্ষক আটক

কলেজখনৰ ২৪৭ গৰাকী শিক্ষাৰ্থীৰ নামত ঈশান উদয় আঁচনিৰ ধন আত্মসাতৰ অভিযোগ

কলেজখনৰ ২৪৭ গৰাকী শিক্ষাৰ্থীৰ নামত ঈশান উদয় আঁচনিৰ ধন আত্মসাতৰ অভিযোগ

কলেজখনৰ ২৪৭ গৰাকী শিক্ষাৰ্থীৰ নামত ঈশান উদয় আঁচনিৰ ধন আত্মসাতৰ অভিযোগ

  • Share this:

বঙাইগাঁও জিলাৰ চাকলাস্থিত চি কে কলেজৰ অধ্যক্ষক আটক ৷ কলেজখনৰ  অধ্যক্ষ ছহিদুল ইছলামক আটক  অভয়াপুৰী আৰক্ষীৰ। ছাত্র-ছাত্ৰীৰ বাবে আবণ্টিত ঈশান উদয় বৃত্তিৰ বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰাৰ অভিযোগত আটক কৰা হয় অধ্যক্ষজনক।


নিজৰ পত্নী, গাড়ীচালক, আত্মীয় আৰু ভুৱা শিক্ষাৰ্থীৰ নামত ধন আত্মসাতৰ অভিযোগ অধ্যক্ষজনৰ বিৰুদ্ধে। সমগ্ৰ ঘটনা সন্দৰ্ভত বৰপেটা জিলাৰ এগৰাকী লোকে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছিল। ইয়াৰ পিছতেই পলাতক অৱস্থাত আছিল অধ্যক্ষ ইছলাম।


কালি নিশা ইছলামে অভয়াপুৰী থানাত আত্মসমৰ্পণ কৰে ৷ যোৱা ২০২০-২১ বিত্তীয় বৰ্ষত কলেজখনৰ ২৪৭ গৰাকী শিক্ষাৰ্থীৰ নামত ঈশান উদয় বৃত্তিৰ ধন আত্মসাত্‍ কৰাৰ অভিযোগ উত্থাপিত হৈছে তেওঁৰ বিৰুদ্ধে ৷ সম্প্ৰতি অধ্যক্ষ ইছলাক অভয়াপুৰী আৰক্ষীয়ে জেৰা চলাই আছে ৷ উক্ত কেলেংকাৰিত অধ্যক্ষজনৰ সৈতে আন কেইবাজনো লোক জড়িত থকা বুলি জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই জানিবলৈ দিছে ৷

শেহতীয়া বাতৰি