ৰাজ্যত পুনৰ গা কৰি উঠিছে স্ক'লাৰশ্বীপৰ নামত কেলেংকাৰী সংঘটিত এটা দুষ্টচক্ৰ। জানিব পৰা মতে চক্ৰটোৱে ৰাজ্যৰ একাংশ মহাবিদ্যালয়ৰ ভুৱা ছাত্ৰৰ নামত জালিয়াতিৰে সৰকাই নিছে কোটি কোটি টকা। শেহতীয়াকৈ, এক বিশেষ অভিযানত স্ক'লাৰশ্বীপৰ নামত জালিয়াতি কৰি থকা দুটা দুৰ্বৃত্তক বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। অভিযুক্ত দুয়ো ঈশান উদয় স্ক'লাৰশ্বীপ আৰু কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ মন্ত্ৰালয়ে সংখ্যালঘু সম্প্ৰদায়ৰ মেধাবী ছাত্ৰৰ বাবে আগবঢ়োৱা মেধা জলপানিৰ কেলেংকাৰীৰ সৈতে জড়িত। বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ড৹ প্ৰদীপ শইকীয়াই এখন সংবাদমেল যোগে এই কথা জনায়। ধৃত দুই অভিযুক্ত বৰপেটাৰ জাহোৰপাম গাঁৱৰ ক্ৰমে জেহেৰুল ইছলাম আৰু হাবিবুৰ ৰহমান।
উল্লেখ্য যে, উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৫ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক বছৰি প্ৰায় ৬০ হাজাৰ টকাৰ ঈশান উদয় স্ক'লাৰশ্বীপ প্ৰদান কৰা হয়। একেদৰে কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ মন্ত্ৰালয়ে ৰাজ্যখনৰ সংখ্যালঘু সম্প্ৰদায়ৰ মেধাবী ছাত্ৰ-ছাত্ৰীসকলক ৰাজ্যৰ বাহিৰৰ একাংশ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানত অধ্যয়নৰ বাবে মেধা ভিত্তিক স্কলাৰশ্বীপ আগবঢ়ায়। এই দুষ্ট চক্ৰটোৱে ৰাজ্যৰ একাংশ মহাবিদ্যালয়ৰ পাছৱৰ্ড আৰু অ'টিপি ব্যৱহাৰ কৰি মহাবিদ্যালয়ৰ অধ্যক্ষৰ নকল চহী কৰি ভুৱা ছাত্ৰ-ছাত্ৰীৰ নামত কোটি কোটি টকা লুন্ঠন কৰি আহিছে।
মন কৰিবলগীয়া যে, দুই অভিযুক্তই ২০১৮ চনৰ পৰাই বৰপেটা-বঙাইগাঁও কলেজ, জনপ্ৰিয় কলেজ বানিয়াৰাপাৰা, কয়াকুছি কলেজ, হৰেন্দ্ৰ-চিত্ৰা কলেজ আৰু অভয়াপুৰীৰ চি কে কলেজৰ একাংশ ভুৱা ছাত্ৰৰ নামত ঈশান উদয় স্কলাৰশ্বীপৰ কোটি কোটি টকা জালিয়াতিৰে উলিয়াই নিয়ে৷ আনহাতে বাংগালোৰৰ নাথগিৰি কলেজ, কৰ্ণাটকৰ মাদানি কলেজ, ইন্সটিটিউট অৱ নাৰ্ছি ছায়েঞ্চ অৱ কৰ্ণাটকত অধ্যয়ন কৰা দেখুৱাই মেধা জলপানিৰ ধনো উলিয়াই নিছে চক্ৰটোৱে। সমগ্ৰ ঘটনা সন্দৰ্ভত বৰপেটা আৰক্ষীয়ে নিজৰ তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ তদন্তত এই কেলেংকাৰীত জড়িত আন লোকৰ নামো পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|