মুখ্যপৃষ্ঠা »খবৰ »অসম »Batadrava Incident : বটদ্ৰৱা থানা আক্ৰমণৰ ঘটনাত জড়িত আছিল নেকি জেহাদী? অভিযোগনামা দাখিলৰ পিছত সংবাদমেলত কি ক'লে আৰক্ষী অধীক্ষক লীনা দলেই

Batadrava Incident : বটদ্ৰৱা থানা আক্ৰমণৰ ঘটনাত জড়িত আছিল নেকি জেহাদী? অভিযোগনামা দাখিলৰ পিছত সংবাদমেলত কি ক'লে আৰক্ষী অধীক্ষক লীনা দলেই

মাদ্ৰাছাৰ ওপৰত সতৰ্ক দৃষ্টি ৰাখিছে নগাঁও আৰক্ষীয়ে

মাদ্ৰাছাৰ ওপৰত সতৰ্ক দৃষ্টি ৰাখিছে নগাঁও আৰক্ষীয়ে

মাদ্ৰাছাৰ ওপৰত সতৰ্ক দৃষ্টি ৰাখিছে নগাঁও আৰক্ষীয়ে

  • Share this:
ৰাজ্য জোকাৰি যোৱা বটদ্ৰৱা কাণ্ডৰ অভিযোগনামা দাখিল কৰি আজি এখন সংবাদমেলৰ জৰিয়তে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেই কয় যে আৰক্ষীলৈ মাদ্ৰাছাৰ ওপৰত সতৰ্ক দৃষ্টি ৰাখিবৰ বাবে নিৰ্দেশ আহিছে, যাতে সন্দেহজনক লোক দেখিলেই আৰক্ষীয়ে অভিযান চলাব পাৰে।

তেওঁ লগতে কয়– বটদ্ৰৱা কাণ্ডৰ লগত যদি কোনো সম্পৰ্ক আমি পাওঁ, তেতিয়াহ'লে আমি অভিযোগনামা দিলেও তদন্ত চলাব পাৰোঁ। আইনত তেনে ব্যৱস্থা আছে।'

সাংবাদিকে দুস্কৃতিকাৰীয়ে বটদ্ৰৱা আৰক্ষী থানা জ্বলাই দিয়াৰ সময়ত আৰক্ষী থানাখনত থকা আগ্নেয়াস্ত্ৰ নষ্ট হোৱাৰ প্ৰসংগত প্ৰশ্ন সোধাত তেওঁ কয় যে আৰক্ষীয়ে বাজেয়াপ্ত কৰি আৰক্ষী থানাত ৰখা পিষ্টলকে ধৰি আগ্নেয়াস্ত্ৰৰ সঠিক হিচাপ বৰ্তমানলৈকে নাই। লেপটপত কিছু তথ্য সন্নিৱিষ্ট আছে। অৱশ্যে আৰক্ষীৰ নিজৰ অস্ত্ৰৰ তথ্য আছে।

আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে বটদ্ৰৱা আৰক্ষী থানাখন পৰিদৰ্শক পৰ্যায়ৰ আৰক্ষী থানালৈ উন্নীত কৰাৰ বাবে আৰক্ষীৰ শীৰ্ষ কৰ্তৃপক্ষক ইতিমধ্যেই প্ৰস্তাৱ দিয়া হৈছে। আৰক্ষী থানাখন উন্নীত হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে।

আনহাতে, আৰক্ষী থানাখন অগ্নিদগ্ধ হওঁতে গোচৰৰ যি সমূহ নথি পত্ৰ জ্বলি গৈছে সেইসমূহৰ আদালতৰ পৰা উদ্ধাৰৰ বাবে আবেদন জনোৱা হৈছে।

তাৎপৰ্যপূৰ্ণ যে যোৱা ২১ মে' মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ নিৰাপত্তাৰ দায়িত্বত থকা বটদ্ৰৱা আৰক্ষী থানা দুষ্কৃতিকাৰীয়ে জ্বলাই দিছিল। বটদ্ৰৱা থানাৰ ঘটনা  সম্পৰ্কত ২৫ জনক অভিযুক্ত কৰা হৈছে ৷ ইয়াৰে ১১জনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এজন অভিযুক্তৰ মৃত্যু হৈছে। ঘটনাটোৰ মূল অভিযুক্ত জ্যোৎস্না বেগম মহিলাগৰাকীকে ধৰি বহুকেইজনক আৰক্ষীয়ে বৰ্তমানেও গ্ৰেপ্তাৰ কৰিব পৰা নাই।

শেহতীয়া বাতৰি