মুখ্যপৃষ্ঠা »খবৰ »অসম »HSLC 2023 Paper Leak : প্ৰশ্নকাকত ফাদিল কাণ্ডত হাইপ্ৰফাইল লিংক! কুমুদ ৰাজখোৱাৰ সৈতে ছেবাৰ বিষয়াৰ সম্পৰ্ক কি?   

HSLC 2023 Paper Leak : প্ৰশ্নকাকত ফাদিল কাণ্ডত হাইপ্ৰফাইল লিংক! কুমুদ ৰাজখোৱাৰ সৈতে ছেবাৰ বিষয়াৰ সম্পৰ্ক কি?   

ছেবাৰ বিষয়াৰ জ্ঞাতসাৰেই হৈছিল নেকি প্ৰশ্নকাকতৰ ভয়ংকৰ বেহা ৷

ছেবাৰ বিষয়াৰ জ্ঞাতসাৰেই হৈছিল নেকি প্ৰশ্নকাকতৰ ভয়ংকৰ বেহা ৷

ছেবাৰ বিষয়াৰ জ্ঞাতসাৰেই হৈছিল নেকি প্ৰশ্নকাকতৰ ভয়ংকৰ বেহা ৷

  • Share this:
ক্ষিপ্ৰ গতিত আৰম্ভ হোৱা মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল কাণ্ডৰ তদন্ত প্ৰক্ৰিয়াত এতিয়া আউল লাগিছে। বাৰে বাৰে এখোজ আগুৱাই দুখোজ পাছলৈ আহিব লগা হৈছে তদন্তকাৰী বিষয়া ৷ কিয়নো প্ৰশ্নকাকত ফাদিলৰ ঘটনাত লিংক পাইছে হাই প্ৰফাইল ব্যক্তিৰ, যাৰ বাবে এতিয়া সমগ্ৰ তদন্ত প্ৰক্ৰিয়া সীমাবদ্ধ হৈছে নাবালক ছাত্ৰ আৰু শিক্ষকৰ ওপৰতে ৷

উল্লেখ্য যে উত্তৰ অসম আৰু উজনি অসমত প্ৰশ্নকাকতৰ বেহা মেলা কুমুদ ৰাজখোৱা, প্ৰণৱ দত্তই জেৰাত নাম লৈছে ছেবাৰে একাংশ বিষয়া-কৰ্মচাৰীৰ। কিন্তু এটা বিশেষ চক্ৰৰ হেঁচাত পৰি বহুবাৰ সোধা-পোছা কৰিও গ্ৰেপ্তাৰ কৰিব পৰা নাই সেইসকল হাইপ্ৰফাইল ব্যক্তিক।

ইয়াৰ মাজতে সোমবাৰে পুনৰ চি আই ডিৰ কাৰ্যালয়লৈ তলব কৰে ছেবাৰ মুখ্য পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মা, Clark কুশল দাস আৰু এজন Security Guardক ৷ তদন্তকাৰী বিষয়াই পৰীক্ষাৰ প্রশ্নকাকত ফাদিল সন্দৰ্ভত তিনিওকে দীৰ্ঘসময় ধৰি জেৰা চলায় ৷ চি আই ডিৰ কাৰ্যালয়ৰ পৰা ওলাই আহি  নয়নজ্যোতি শৰ্মাই ক'লে- তদন্ত সঠিক দিশত আগবঢ়াইছে ৷ সকলোপ্ৰকাৰৰ সহযোগিতা আগবঢ়াব বুলি মন্তব্য কৰে নয়নজ্যোতি শৰ্মাই ৷

ইয়াৰ উপৰি ৰাজ্যৰ বহুকেইখন জিলাত প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত আৰক্ষীয়ে অভিযান চলাই পুনৰ গ্ৰেপ্তাৰ কৰিছে কেইবাজনো শিক্ষক, ছাত্ৰক ৷ সেই অনুসৰি লখিমপুৰত গ্ৰেপ্তাৰ কৰে দুই শিক্ষক ক্ৰমে জগন্নাথ পেগু, পূৰ্ণকান্ত পেগু আৰু এজন টুটু শৰ্মা নামৰ গাড়ীচালকক।
ইয়াৰে পূৰ্ণকান্ত পেগু ডফলাকটা জনজাতি হাইস্কুলৰ প্ৰধান শিক্ষক আৰু জগন্নাথ পেগু  একেখন বিদ্যালয়ৰে ঠিকাভিত্তিক সহঃ শিক্ষক৷ আনহাতে, ভূগোলৰ ভুৱা প্ৰশ্নকাকত ভাইৰেল কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল নগাঁৱৰ এজন ছাত্ৰ ৷ মাছুম আলী নামৰ ছাত্ৰজনে ভুৱাকৈ প্ৰশ্নকাকত বহু ছাত্ৰৰ মাজত ভাইৰেল কৰি যাব লগা হ'ল জে'ললৈ ৷ কিন্তু প্ৰশ্ন হয়, কেৱল এইকেইজন শিক্ষক, ছাত্ৰক গ্ৰেপ্তাৰ কৰিয়েই সামৰিব নেকি প্ৰশ্নকাকত ফাদিলৰ তদন্ত? তদন্তৰ আওতালৈ নাহিব নেকি সেই হাইপ্ৰফাইল ব্যক্তিসকল? যি সময়ত সমগ্ৰ প্ৰক্ৰিয়াটোতে সংস্কাৰৰ কথা সকলোৱে একমুখে কৈ আহিছে তেনে ক্ষেত্ৰত ৰৌ-বৰালিক এৰি পুঠি-খলিহনাক ধৰিলে কিবা সংস্কাৰ আহিবনে? সেয়া এক ডাঙৰ প্ৰশ্ন ৷

শেহতীয়া বাতৰি