• Home
  • »
  • News
  • »
  • assam
  • »
  • সন্দেহজনক ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি NRCত? মাত্ৰ দুটা ঘটনাই উদঙাই দিছে প্ৰকৃত ছবিখন!

সন্দেহজনক ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি NRCত? মাত্ৰ দুটা ঘটনাই উদঙাই দিছে প্ৰকৃত ছবিখন!

NRCক লৈ সন্দেহ! সন্দিহান অসমীয়া! কি হ'ব জাতিৰ দলিলৰ?

NRCক লৈ সন্দেহ! সন্দিহান অসমীয়া! কি হ'ব জাতিৰ দলিলৰ?

NRCক লৈ সন্দেহ! সন্দিহান অসমীয়া! কি হ'ব জাতিৰ দলিলৰ?

  • Share this:
NRCক লৈ সন্দেহ! সন্দিহান অসমীয়া! কি হ'ব জাতিৰ দলিলৰ? এদিন দুদিনকৈ এবছৰ হ’ল জাতিৰ দলিল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশ পোৱাৰ। সময়ৰ লেখেৰে সোমবাৰে NRC প্ৰকাশ পোৱাৰ এবছৰ হ'ব৷ কিন্তু জাতিৰ দলিল প্ৰকাশ পোৱাৰ এটা বছৰৰ সম্পূৰ্ণ হোৱাৰ প্ৰাকক্ষণত এটা প্ৰশ্ন অসমীয়া মানুহৰ মনলৈ বাৰে বাৰে আহিছে। সন্দেহযুক্ত ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি NRCত? ইয়াৰ বাবে দুটা উদাহৰণেই হ'ব যথেষ্ট!

NRCৰ খচৰা প্ৰকাশ পোৱাৰ পিছতেই অভিজিৎ শৰ্মা আৰু ৰাজ্য চৰকাৰে বাংলাদেশৰ সীমান্তৱৰ্তী জিলাসমূহত ২০ শতাংশ আৰু আন জিলা সমূহত ১০ শতাংশ পুনৰীক্ষণ বিচাৰিছিল ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্য চৰকাৰৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে কয়, 'আমি বাংলাদেশ সীমান্তৰ জিলাসমূহত ২০ শতাংশ পুনৰীক্ষণ বিচাৰিছিলো। এই সন্দৰ্ভত অসম চৰকাৰে শপতনামা দাখিল কৰিছিল। আন জিলাসমূহতো ১০ শতাংশ পুনৰীক্ষণ বিচাৰিছিলো। কিন্তু পূৰ্বৰ ৰাজ্যিক সমন্বয়কে সেয়া নকৰিলে। যাৰ বাবে হয়তো RGI এ এই পৰ্যন্ত NRC প্ৰকাশ হোৱা বুলি জাননী জাৰি কৰিব পৰা নাই। মুখ্যমন্ত্ৰী সোণোৱালে সদায় এখন শুদ্ধ NRC বিচাৰে। এনেধৰণৰ অসুবিধাৰ বাবেই এইপৰ্যন্ত বৰ্তমানৰ NRC কৰ্তৃপক্ষই দিব পৰা নাই ৰিজেকশ্যন শ্লীপো।’

উচ্চতম ন্যায়ালয়েও কৈছিল পুনৰীক্ষণৰ প্ৰয়োজনীয়তা আছে ৷ কিন্তু সেই কাম NRCৰ পূৰ্বৰ সমন্বয়কে কিমান দক্ষতাৰে কৰিলে তাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে। আমাৰ হাতত আহি পৰা তথ্য মতে,  NRCৰ পূৰ্বৰ সমন্বয়ক প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়ক জনাইছিল যে, ২৭ শতাংশ ‘INCIDENTAL VERIFICATION’ সম্পূৰ্ণ হৈছে ৷ এই ২৭ শতাংশ ‘incidental verification’ত ১,০২,৪৬৫ গৰাকী বিদেশীৰ নাম কৰ্তন হৈছিল ৷ যদি ২৭ শতাংশ ‘incidental verification’তেই এক লাখ মানুহৰ নাম কৰ্তন হৈছিল তেন্তে প্ৰতীক হাজেলাৰ তথ্য অনুসৰিয়েই সম্পূৰ্ণ পুনৰীক্ষণ হোৱা হেতেন হয়টো আৰু লক্ষাধিক লোকৰ নাম কৰ্তন হ’লহেতেন।’

ইফালে NRCত যে ব্যাপক খেলিমেলি হৈছে  সেই কথাও আহিছে পোহৰলৈ। NRCত অনৈতিকভাবে অ-খিলঞ্জীয়াক দিয়া হৈছিল OI(Original Inhabitant )ৰ স্বীকৃতি ৷ এই ভয়াৱহ ঘটনাটো ঘটিছিল কামৰূপ জিলাৰ চমৰীয়াত। চমৰীয়াৰ এগৰাকী বিষয়াই NRC কৰ্তৃপক্ষক প্ৰতিবেদন দিছিল যে, চমৰীয়াৰ ৬০ হাজাৰ মানুহক দিয়া হৈছিল OIৰ টেগ ৷ এই প্ৰতিবেদনৰ পিছত ৩০ হাজাৰ মানুহক সামৰি NRC কৰ্তৃপক্ষই আৰম্ভ কৰিছিল বিশেষ পৰীক্ষা৷ পৰীক্ষাত ৩০ হাজাৰৰ ৩০ হাজাৰেই OI যে নহয় সেয়া ধৰা পৰিছিল ৷

এই দুটা উদাহৰণেই প্ৰমাণ কৰে NRC কেনেদৰে প্ৰস্তুত হৈছিল। কিন্তু প্ৰশ্ন হ’ল NRC প্ৰকাশ পোৱাৰ পিছত যোৱা এটা বছৰে খিলঞ্জীয়াক সুৰক্ষা দিম বুলি শাসনত বহা চৰকাৰখনে কি কৰিলে NRCক শুদ্ধ ৰূপত প্ৰস্তুত কৰি উলিয়াবৰ কাৰণে। নে নিৰ্বাচনৰ ইছ্যু কৰিবলৈ ৰাখি থোৱা হৈছে NRCক। যাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। তেওঁ কয়, ‘NRC প্ৰকাশ নকৰি ৰাইজক ঠগিছে অসম চৰকাৰে ৷ দিল্লীৰ সৈতে মিলি এতিয়া বিদেশী বহিষ্কাৰ কৰাৰ সলনি সংস্থাপনৰহে দিহা কৰিলে৷ ৰাজনৈতিক স্বাৰ্থত অসমৰ মানুহক বলিৰ পঠা সজালে।’
Published by:Himangshu Bhuyan
First published: