১০ ডিচেম্বৰৰ পৰা ৬০ বছৰৰ উৰ্ধ্বৰ আৰু জৰুৰীকালীন সেৱাত জড়িত লোকক তৃতীয় পালি কোভিড ভেকচিন দিব। ৩ জানুৱাৰীৰ পৰা ৯ জানুৱাৰীলৈ প্ৰত্যেক খন জিলাৰ স্কুলত কোভাক্সিন ভেকচিন দিয়াৰ কাম সম্পূৰ্ণ কৰিব ৰাজ্য চৰকাৰে। ১৫-১৮ বছৰৰ ছাত্ৰ ছাত্ৰীৰ ভেকচিন লোৱাটো বাধ্যতামূলক কৰিছে চৰকাৰে।
আগন্তুক মেট্ৰিক, উচ্চতৰ মাধ্যমিক পৰিক্ষা অফ লাইনৰ জৰিয়তে হ'ব। সেইদৰে পৰীক্ষাৰ্থীসকলে কোভিড ভেকচিন লোৱাৰ প্ৰমাণপত্ৰ পৰীক্ষাগৃহলৈ আহোতে লগত আনিব বুলি শুকুৰবাৰে সংবাদমেলত জনাই স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।
স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মেলত জনোৱা মতে, কোৰোণা কালত অসমত ৬,২০,৫৭৩ গৰাকীলোক কোভিডত আক্ৰান্ত হৈছিল তাৰে ৬,১২,২৮২ গৰাকী লোক আৰোগ্য লাভ কৰে আৰু ৬১৬৪ গৰাকী লোক কোভিডত মৃত্যু হৈছে।
অমিক্ৰণ সম্পৰ্কতো মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। দেশত বৃহস্পতিবাৰলৈ ১৬,৭০০ গৰাকী লোক কোৰোণাত আক্ৰান্ত হৈছে। ইয়াৰে ভিতৰত আছে অমিক্ৰণত আক্ৰান্ত লোকো। কিন্তু এই পৰ্যন্ত অসমত ধৰা পৰা নাই কোনোধৰণৰ অমিক্ৰণৰ কেচ। যোৰহাটত এটা কেছ আহিছে যদিও নিশ্চিত নহয়। বিশ্বত আতংকৰ সৃষ্টি কৰা অমিক্ৰণৰ মুখামুখি হ'বলৈ ৰাজ্য চৰকাৰ সম্পূৰ্ণ ৰূপে সাজু বুলি কয় মন্ত্ৰীগৰাকীয়ে।
অমিক্ৰণৰ প্ৰস্তুতি হিচাপত অসমত ইতিমধ্যে ৯ হাজাৰ বিচনা সাজু কৰিছে চৰকাৰে। ইয়াৰে ১০০০ আই চি ইউ, ২৬০০ অক্সিজেন বিচনা আৰু ৬০০ সাধাৰণ বিচনা আছে। মন্ত্ৰী কেশৱ মহন্তৰ মতে, অসমত এতিয়াও ৮ খন মেডিকেল কলেজ নিৰ্মীয়মান অৱস্থাত আছে। চৰকাৰে নতুনকৈ আৰু ৫ খন মেডিকেল কলেজ ক্ৰমে বঙাইগাঁও, তামুলপুৰ, ধেমাজি, গোলাঘাট আৰু মৰিগাঁওত নিৰ্মাণ কৰিব।
ডিব্ৰুগড় আৰু গুৱাহাটীত হ'ব দুখন ছুপাৰ স্পেচিয়েলিষ্ট হাস্পতাল। মাৰ্চৰ ভিতৰত অসমত ৮ খন নতুন কেন্সাৰ হস্পিতাল সাজু হ'ব। গুৱাহাটীৰ কালাপাহাৰত আৰু এখন মেডিকেল কলেজ স্থাপন হ'ব। MMCH শুকুৰবাৰৰ পৰা বন্ধ হ'ব বুলি কয় বাবে বিভাগীয় মন্ত্ৰী গৰাকীয়ে। MMCH ৰ স্থানত ৮০০ বিচনা যুক্ত ছুপাৰ স্পেচিয়েলিটী হস্পিতাল হ'ব।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assameseঅসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|