হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সোমবাৰে অনুষ্ঠিত হ'বলগীয়া গণিত বিষয়ৰ প্ৰশ্নকাকতক লৈ বহু ছাত্ৰ-ছাত্ৰীৰ মাজত সৃষ্টি হৈছে তীব্ৰ উৎকন্ঠাৰ। কাৰণ শেহতীয়াকৈ ছচিয়েল মিডিয়াৰ যোগেদি বিভিন্ন গ্ৰুপত ভাইৰেল হৈছে গণিতৰ এখন প্ৰশ্নকাকতৰ প্ৰথম পৃষ্ঠাটো।
এই প্ৰশ্নকাকতখনকলৈ বৰ্তমান বহুতৰে মনত প্ৰশ্নৰ সৃষ্টি হৈছে যে, সঁচাকৈ গণিতৰ প্ৰশ্নকাকত ফাদিল হৈছে নেকি ! এই ঘটনাই ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলক উৎকণ্ঠিত কৰি তুলিছে।
কোনো দুষ্টচক্ৰই ভুৱাকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকতৰ আৰ্হিত প্ৰশ্নকাকত তৈয়াৰ কৰি এক বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ উদ্দেশ্যে এই কাম কৰিছে নে সঁচাকৈয়ে ক'ৰবাত গণিতৰ প্ৰশ্নকাকত ফাদিল হৈছে বৰ্তমান সেই প্ৰশ্নই জোকাৰি গৈছে বহুজনক। এই সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষই স্পষ্টীকৰণ দিলেহে যে ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক উৎকন্ঠাৰ অন্ত পৰিব সেয়া নিশ্চিত ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|