কোভিডৰ তৃতীয় ঢৌৱে শংকিত কৰি তুলিছে সকলোকে৷ এই সময়খিনিত বিত্তীয় ব্যৱস্থাটোৰ কথা আহি পৰিছে৷ কোভিডৰে যুঁজিবলৈ সকলো প্ৰকাৰে সাজুনে ৰাজ্যৰ বিত্ত বিভাগ? পুনৰ ভয়াৱহ ৰূপ লৈছে কোভিড অতিমাৰীয়ে৷ মন্ত্ৰী, সাংসদৰ পৰা সকলো পৰিছে কোভিডৰ কবলত৷ ইয়াৰ মাজতে অমিক্ৰনেও শংকিত কৰি তুলিছে সকলোকে৷ কোন সময়ত কি হয় কোনেও নাজানে৷ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে গুৰুত্ব সহকাৰে লোৱা এই বিষয়টোক গুৰুত্ব সহকাৰে লৈছে ৰাজ্য চৰকাৰৰ বিত্ত বিভাগেও৷ যিহেতু এই সময়ছোৱাত ৰাজ্যৰ আৰ্থ সামাজিক দিশটোও জড়িত হৈ আছে, তেনেস্থলত ৰাজ্যৰ বিত্ত বিভাগে স্পষ্ট কৰিছে নিজৰ স্থিতি।
"চাওক আমাৰ বিভাগটো এটা বেলেঞ্চ ৱে'ত চলি আছে৷ আপোনালোকে জানে আমাৰ চৰকাৰখন কোভিডৰ প্ৰথম আৰু দ্বিতীয় ঢৌ পাৰ কৰা চৰকাৰ৷ প্ৰথম দুয়োটা ঢৌ আমি সুচাৰুৰূপে পাৰ কৰিছো৷ অভিজ্ঞতাৰ দিশেৰে আমি প্ৰথমৰে পৰা কোভিডৰে যুঁজিবলৈ সজাগ হৈ আছো৷ যিকোনো বিষম পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ আমি সাজু৷" – ক’লে বিত্ত মন্ত্ৰী অজন্তা নেওগে।
ইফালে, বিৰোধীয়ে বিগত বিধানসভাৰ শীতকালীন অধিৱেশনত ৰাজভঁৰাল উদং বুলি অনা অভিযোগ পুনৰ নস্যাৎ কৰিলে মন্ত্ৰী অজন্তা নেওগে৷ এইক্ষেত্ৰত উদাহৰণ হিচাপে দিলে চৰকাৰী কৰ্মচাৰীক ১১% বোনাচ মুকলিৰ কথা৷ বাজেটত দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি নিয়াৰিকৈ পালন কৰাৰ কথা দোহাৰিলে মন্ত্ৰীগৰাকীয়ে৷
লগতে, মাইক্ৰ' ফাইনেঞ্চৰ ধন প্ৰদানত হোৱা বিসংগতিক লৈও নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিত্ত মন্ত্ৰীয়ে ক'লে, বিত্ত বিভাগৰ আয়ুক্ত সচিবক দিয়া হৈছে তদন্তৰ দায়িত্ব৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰীয়ে বিচাৰিছিল দল আৰু চৰকাৰৰ মাজত সামঞ্জস্য৷ সেই ভিত্তিতে প্ৰত্যেক বিজেপি মন্ত্ৰীক মাহৰ দুটা দিন কিছু সময় দলীয় কাৰ্যকৰ্তাৰ অভাৱ–অভিযোগ জানিবলৈকে কোৱা হৈছে। শুকুৰবাৰে অজন্তা নেওগে দলীয় কাৰ্যকৰ্তাক সময় দিলে হেঙেৰাবাৰীৰ বাজপেয়ী ভৱনত৷ প্ৰথমে মহিলা মৰ্চাৰ সৈতে মত বিনিময় কৰাৰ লগতে আন আন মৰ্চা আৰু কাৰ্যকৰ্তাৰ অভাৱ–অভিযোগ সম্পৰ্কেও কাৰ্যালয়ত প্ৰায় তিনি ঘণ্টাৰ অধিক সময় কটাই বুজ ল'লে মন্ত্ৰীগৰাকীয়ে৷ এই সময়ছোৱাৰ মাজতে, মন্ত্ৰী অজন্তা নেওগে কোভিডৰ সৈতে যুঁজিবলৈ বিত্ত বিভাগ শক্তিশালী ৰূপত সাজু বুলি সংবাদ মাধ্যমক সদৰি কৰিলে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|