• Home
  • »
  • News
  • »
  • assam
  • »
  • সংঘাত নে আন কিবা? ৰঞ্জিত দাসৰে সংঘাত আৰম্ভ হ'ল নেকি কেশৱ মহন্তৰ?

সংঘাত নে আন কিবা? ৰঞ্জিত দাসৰে সংঘাত আৰম্ভ হ'ল নেকি কেশৱ মহন্তৰ?

কিয় সংবাদ মাধ্যমলৈ বাৰ্তা লিখি IGNOREকৰিবলৈ ক'লে? 

কিয় সংবাদ মাধ্যমলৈ বাৰ্তা লিখি IGNOREকৰিবলৈ ক'লে? 

কিয় সংবাদ মাধ্যমলৈ বাৰ্তা লিখি IGNOREকৰিবলৈ ক'লে? 

  • Share this:

বুধবাৰে বঙাইগাঁৱত অনুষ্ঠিত হ'ব অসম চৰকাৰৰ কেবিনেট বৈঠক (Cabinet Meeting) ৷ কেবিনেট বৈঠকলৈ যোৱাৰ পথত আৰু ঘূৰি অহাৰ পথত প্ৰত্যেক মন্ত্ৰীক জিলা কিছুমানৰ আন্তঃগাঁথনিৰ কামৰ বুজ লোৱাৰ দায়িত্ব দিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Dr. Himanta Biswa Sarma)ই৷ নিজ নিজ বিভাগত কি কি কাম কিদৰে আগবাঢ়িছে তাৰ তদাৰকৰ দায়িত্ব দিয়া হৈছে প্ৰত্যেক মন্ত্ৰীক ৷


স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত (Health Minister Keshab Mahanta)ক দায়িত্ব দিয়া হৈছিল যাওঁতে গোৱালপাৰা আৰু ঘূৰি আহোঁতে বজালী পৰিদৰ্শন কৰিবলৈ ৷ মন্ত্ৰী কেশৱ মহন্তই বঙাইগাঁৱলৈ যোৱাৰ সময়ত দিলে এই আপডেট– "বঙাইগাঁৱত বুধবাৰে হ'ব লগা ৰাজ্যিক কেবিনেটৰ বৈঠকলৈ যোৱাৰ পথত আজি গোৱালপাৰা জিলাৰ কৃষ্ণাই বালিজানা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত বুঁধিপাৰা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰটি পৰিদৰ্শন কৰি কণমানি শিশুসকলৰ শাৰীৰিক-মানসিক বিকাশৰ লগতে প্ৰসূতি মাতৃ-গৰ্ভৱতী মহিলাৰ পৰিপুষ্টিৰ বাবে সঠিকভাৱে কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হৈছে নে নাই, সেই বিষয়ে খবৰ লওঁ। একেদিনাই টুকুৰা হাদিপাৰা পানী যোগান আঁচনিৰ প্ৰকল্প (Water Supply Scheme Project)ও পৰিদৰ্শন কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত অঞ্চলটোত জলজীৱন অভিযানৰ কাৰ্য ৰূপায়ণ প্ৰক্ৰিয়াৰ বুজ লওঁ। পৰিদৰ্শন কালত আমাক সহযোগ কৰে গোৱালপাৰাৰ উপায়ুক্ত মীনাক্ষি দাস নাথৰ লগতে অতিৰিক্ত উপায়ুক্ত, জিলা সমাজ কল্যাণ বিষয়া আৰু জনস্বাস্থ্য বিভাগৰ কাৰ্যবাহী অভিযন্তাই।"


এয়া স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ হোৱাটছএপ গ্ৰুপৰ মেছেজ ৷ অৱশ্যে তাৰ পিছতে আহিল আন এক মেছেজ, "Sorry, Kindly ignore the above post." প্ৰশ্ন হৈছে অসম চৰকাৰৰ মন্ত্ৰীসকলৰ মাজত ক'ৰবাত সৃষ্টি হৈছে নেকি সংঘাতৰ? কিয় আন মন্ত্ৰীৰ বিভাগীয় কামৰো তদাৰক আৰম্ভ কৰিছে আন মন্ত্ৰীয়ে?


সংঘাত নে আন কিবা? ৰঞ্জিত দাসৰে সংঘাত আৰম্ভ হ'ল নেকি কেশৱ মহন্তৰ? কিয় সংবাদ মাধ্যমলৈ বাৰ্তা লিখি IGNORE কৰিবলৈ ক'লে?


   Assam News Today | News in Assamese |
Published by:Gautam Barman
First published: