• Home
  • »
  • News
  • »
  • assam
  • »
  • AIUDF এতিয়া UPAত আছে নে নাই? জিতেন্দ্ৰ সিঙে নাই বুলিলত এআইইউডি এফৰ প্ৰতিক্ৰিয়া

AIUDF এতিয়া UPAত আছে নে নাই? জিতেন্দ্ৰ সিঙে নাই বুলিলত এআইইউডি এফৰ প্ৰতিক্ৰিয়া

 এতিয়া বিজেপি, অগপ আৰু এআইইউডিএফৰ মহাজোঁট চলি আছে।- কৈছিল জিতেন্দ্ৰ সিঙে

এতিয়া বিজেপি, অগপ আৰু এআইইউডিএফৰ মহাজোঁট চলি আছে।- কৈছিল জিতেন্দ্ৰ সিঙে

এতিয়া বিজেপি, অগপ আৰু এআইইউডিএফৰ মহাজোঁট চলি আছে।- কৈছিল জিতেন্দ্ৰ সিঙে

  • Share this:

কংগ্ৰেছ সভাপতি ভূপেন বৰাই এআইইউডিএফৰ লগত কোনোধৰণৰ মিত্ৰতা নহ'ব বুলি স্পষ্ট কৰি দিয়াৰ পিছত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে কালি ঘোষণা কৰিছিল যে AIUDF এতিয়া UPAত নাই। তেওঁ আনকি আজমলৰ দলৰ সৈতে মিত্ৰতা কৰি ভুল কৰিছিল বুলিও কয়। সিঙে কয় যে এতিয়া বিজেপি, অগপ আৰু এআইইউডিএফৰ মহাজোঁট চলি আছে।


জিতেন্দ্ৰ সিঙৰ মন্তব্যৰ পিছত এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয়- আজিও আমি ইউ পি এত আছোঁ। শেহতীয়া বিধানসভা নিৰ্বাচনত কংগ্ৰেছ আৰু এআইইউডিএফ জোঁটে ২০ৰ ১৬খন আসন লাভ কৰিছিল। গতিকে কংগ্ৰেছে বিৰোধী জোড়ো যাত্ৰা আৰম্ভ কৰিব লাগিছিল।


আমিনুল ইছলামে কংগ্ৰেছে বাৰে বাৰে AIUDFক প্ৰতাৰণা কৰাৰ অভিযোগ কৰি কয় যে কংগ্ৰেছৰ স'তে কেতিয়াও মিত্ৰতাৰ কথা কোৱা নাই, বিপৰীতে বিজেপি বিৰোধী দল একত্ৰিত হোৱাৰ কথা কৈছোঁ। যদি আমি UPAত নাই, কংগ্ৰেছ নেতৃত্বই স্পষ্ট কৰিব লাগিব।


আমিনুল ইছলামে পুনৰ কয়- ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে নিৰ্দেশ প্ৰদান কৰে। কৌশলগতভাৱে ড০ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক ব্যৱহাৰ কৰিছে। এইক্ষেত্ৰত বুজন পৰিমাণৰ ধনৰো লেনদেন হোৱাৰ কথা কৈ তেওঁ উল্লেখ কৰে যে এনে উদ্দেশ্যৰ আঁৰত আছে AIUDF নিঃশেষ হওক, বিজেপি লাভান্বিত হওক। এয়াই কংগ্ৰেছৰ এজেণ্ডা।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি