• Home
  • »
  • News
  • »
  • assam
  • »
  • Bhabesh Kalita : ভৱেশ কলিতাৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰ, গোপনে চলিছে সভাপতি হটাও অভিযান!

Bhabesh Kalita : ভৱেশ কলিতাৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰ, গোপনে চলিছে সভাপতি হটাও অভিযান!

কলিতাৰ বিৰুদ্ধে ষড়যন্ত্ৰকাৰীৰ ব্ৰহ্মাস্ত্ৰ 'কলিতা'

কলিতাৰ বিৰুদ্ধে ষড়যন্ত্ৰকাৰীৰ ব্ৰহ্মাস্ত্ৰ 'কলিতা'

কলিতাৰ বিৰুদ্ধে ষড়যন্ত্ৰকাৰীৰ ব্ৰহ্মাস্ত্ৰ 'কলিতা'

  • Share this:
ৰাজনৈতিক দলত বিসম্বাদ থাকে ৷ ৰাজনৈতিক দলসমূহত এজনক আঁতৰাই আন এজন চকীত বহাৰ কূট–কৌশলো থাকে ৷ বিজেপিতো আছে ৷ এইবাৰ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাক কেন্দ্ৰ কৰি এনে চৰ্চা আৰম্ভ হৈছে ৷ চৰ্চাত চৰ্চিত হৈছে ভয়ংকৰ ষড়যন্ত্ৰৰ বলি হৈছে নেকি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ?

সভাপতিৰ আসনৰ পৰা ভৱেশ কলিতাক আঁতৰোৱাৰ চলিছে নেকি ব্লু প্ৰিণ্ট? ভৱেশ কলিতাক আঁতৰাই কাক সভাপতি পতাৰ চলিছে কুট কৌশল? খবৰ অনুসৰি, অসম প্ৰদেশ বিজেপিৰ সভাপতি পদৰ পৰা ভৱেশ কলিতাক আঁতৰোৱাৰ গোপনে ষড়যন্ত্ৰ চলিছে হেঙেৰাবাৰীত ৷

ৰঙিয়াৰ মহিলা জনৈক কলিতাৰ অভিযোগেৰে ভৱেশ কলিতাক দুৰ্বল কৰি ষড়যন্ত্ৰৰ জালত পেলাইছে শিবিৰটোৱে ৷ খোদ দিছপুৰ আৰু হেঙেৰাবাৰীৰ পৰাই নিয়ন্ত্ৰণ হৈছে সভাপতিৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ খেলখন, যাৰ বাবে ইমান শক্তিশালী পদত থকাৰ পিছতো ৰঙিয়া থানাই এইপৰ্যন্ত ৰুজু কৰা নাই জনৈক কলিতাৰ বিৰুদ্ধে ভৱেশ কলিতাই দিয়া গোচৰ ৷

অৱশ্যে এইক্ষেত্ৰত নিজকে আইনৰ ছাত্ৰ আৰু অধিবক্তা বুলি কৈ আইনে নিজৰ পথ ল'ব বুলি শুকুৰবাৰে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ভৱেশ কলিতাই ৷ অসম প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাক এই সুযোগতে সভাপতি পদৰ পৰা আঁতৰাই শিবিৰটোৱে এগৰাকী সাংসদক সভাপতি পতাৰ পাং কৰিছে বুলি হেঙেৰাবাৰীৰ পৰাই ওলাইছে বু বু বা বা৷

এক বিশেষ সূত্ৰৰ মতে, ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপিৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰণ সমিতিৰ সদস্য সৰ্বানন্দ সোণোৱালক অসমলৈ আদৰাটোৱেই আছিল সভাপতি ভৱেশ কলিতাৰ মূল দোষ, যাক লৈ ক্ষুণ্ণ হোৱা ষড়যন্ত্ৰকাৰী শিবিৰটোৱে ৰঙিয়াৰ মহিলা এগৰাকীয়ে অনা ধন দাবীৰ ইছ্যুটোক আগুৱাই দি ৰাষ্ট্ৰীয় নেতৃত্বক হেঁচা প্ৰয়োগ কৰিছে সভাপতি কলিতাক অপসাৰণৰ ৷ আনকি সেই শিবিৰৰ হেঁচাতে ৰঙিয়া থানাই গোচৰ পৰ্যন্ত লোৱা নাই বুলিও খবৰ ওলাইছে ৷ ২০২৪ৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ ভিতৰচ'ৰাত চলা এনেবোৰ কথাই দলটোৰ যে ক্ষতি নকৰিব তাৰ নিশ্চয়তা নাই ৷
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি