• Home
  • »
  • News
  • »
  • assam
  • »
  • জলসিঞ্চন আঁচনিৰ বাবে অনা লক্ষাধিক মূল্যৰ সৌৰশক্তি চালিত প্লেট চুৰি ৰঙিয়াত

জলসিঞ্চন আঁচনিৰ বাবে অনা লক্ষাধিক মূল্যৰ সৌৰশক্তি চালিত প্লেট চুৰি ৰঙিয়াত

ৰঙিয়াৰ দ্বাৰকুছিৰ বৃহত্তৰ অঞ্চলটোৰ খেতিয়কসকলৰ সুবিধাৰ্থে ২৬,৬৬,২৫০ টকীয়া জলসিঞ্চন আঁচনি ৰূপায়ণ কৰে।

  • Share this:

    ৰঙিয়াৰ দ্বাৰকুছিত জলসিঞ্চন আঁচনিৰ সামগ্ৰী চুৰি। নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই লক্ষাধিক টকা মূল্যৰ সৌৰশক্তি চালিত প্লেট চুৰ কৰি লৈ গ'ল চোৰে। ৰঙিয়া জলসিঞ্চন সংমণ্ডলৰ অধীনৰ সৌৰশক্তি চালিত দ্বাৰকুছি মধ্যম গভীৰ নলীনাদ জলসিঞ্চন আঁচনিৰ বাবে আনি থোৱা হৈছিল সৌৰশক্তি চালিত প্লেট।

    ৰঙিয়াৰ দ্বাৰকুছিৰ বৃহত্তৰ অঞ্চলটোৰ খেতিয়কসকলৰ সুবিধাৰ্থে ২৬ লাখ ৬৬ হাজাৰ ২৫০ টকীয়া জলসিঞ্চন আঁচনি ৰূপায়ণ কৰা হৈছিল। কিন্তু আঁচনি মুকলি হোৱাৰ পূৰ্বেই দুৰ্বৃত্তই চলায় লুটপাত। লক্ষাধিক টকা মূল্যৰ সৌৰশক্তি চালিত প্লেটবোৰ চুৰি হোৱাত চিন্তিত হৈ পৰিছে খেতিয়কসকল।

    ইতিমধ্যে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে। ৰাইজৰ অভিযোগ আঁচনিখনৰ মুখ্য গেটত তলাৰ পৰিৱৰ্তে সাধাৰণ ফিটা এডালেৰে বান্ধি ৰখাৰ ফলত চোৰে লুটপাত চলাব পাৰিলে বুলি ক্ষোভ উজাৰে ঠিকাদাৰৰ বিৰুদ্ধে।

    Published by:Gautam Barman
    First published: