অইল ইণ্ডিয়া লিমিটেডৰ দায়িত্বহীন কাণ্ড, ওপজা দিনতো সুধাকণ্ঠলৈ মনত নপৰিল অইল কৰ্তৃপক্ষৰ

News18 Assam | News18-Assam
Updated:September 8, 2020, 8:47 PM IST
অইল ইণ্ডিয়া লিমিটেডৰ দায়িত্বহীন কাণ্ড, ওপজা দিনতো সুধাকণ্ঠলৈ মনত নপৰিল অইল কৰ্তৃপক্ষৰ
তৈলনগৰী দুলীয়াজানৰ মাজমজিয়াৰ বিহুতলীত বিগত বৰ্ষত অইলে স্থাপন কৰিছিল ড০ ভূপেন হাজৰিকাৰ সুবিশাল প্ৰতিমূৰ্তি।

তৈলনগৰী দুলীয়াজানৰ মাজমজিয়াৰ বিহুতলীত বিগত বৰ্ষত অইলে স্থাপন কৰিছিল ড০ ভূপেন হাজৰিকাৰ সুবিশাল প্ৰতিমূৰ্তি।

  • Share this:
আজি বিশ্ববৰেণ্য শিল্পী তথা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্মদিন। ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন কৰিছে সুধাকণ্ঠৰ ওপজা দিন। কিন্তু তৈলনগৰী দুলীয়াজানত মঙলবাৰে ইয়াৰ বিপৰীত ছবি প্ৰতিফলিত হ'ল।

তৈলনগৰী দুলীয়াজানৰ মাজমজিয়াৰ বিহুতলীত বিগত বৰ্ষত অইলে স্থাপন কৰিছিল ড০ ভূপেন হাজৰিকাৰ সুবিশাল প্ৰতিমূৰ্তি। কিন্তু সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ওপজা দিনটোতো এবাৰো মনত নপৰিল অইল কৰ্তৃপক্ষ‌ৰ। অইল ইণ্ডিয়া লিমিটেডৰ এনে কাণ্ডজ্ঞানহীন কৰ্মকাণ্ড‌ই দুলীয়াজানত সৃষ্টি কৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

মঙলবাৰে দুলীয়াজান আঞ্চলিক ছাত্র সন্থাৰ এটা দলে দুলীয়াজান বিহুতলীত অইলে স্থাপন কৰা সুধাকণ্ঠৰ প্ৰতিমূৰ্তি কাষত থিয় হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। আছুৰ কৰ্মকৰ্তাই সুধাকণ্ঠৰ প্ৰতিমূৰ্তিৰ চৌপাশে আৱৰি ধৰা হাবি-জংঘল পৰিষ্কাৰ কৰে। অইল ইণ্ডিয়া লিমিটেড কৰ্তৃপক্ষ‌ৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰে আছুৰ বিষয়ববীয়াই। ইফালে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্মদিনটোত অইলে চৰম অৱমাননা কৰা কাৰ্য‌ই সকলোৰে চকু কপালত তুলিছে।
Published by: Sanjay Kumar Das
First published: September 8, 2020, 8:47 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি