এবছৰ পিছুৱাই গ’ল বাপুজীৰ জন্মজয়ন্তী! গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডৰ চূড়ান্ত দায়িত্বহীন কাণ্ড

ডেৰশ বছৰীয়া গান্ধী জয়ন্তীৰ বাবে আঁৰি থোৱা ফলকৰ লগতে অনুষ্ঠানৰ মঞ্চতো ২০১৯ৰ সলনি লিখা হ’ল ২০১৮ বৰ্ষ।

News18-Assam
Updated:October 2, 2019, 9:50 AM IST
এবছৰ পিছুৱাই গ’ল বাপুজীৰ জন্মজয়ন্তী! গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডৰ চূড়ান্ত দায়িত্বহীন কাণ্ড
ডেৰশ বছৰীয়া গান্ধী জয়ন্তীৰ বাবে আঁৰি থোৱা ফলকৰ লগতে অনুষ্ঠানৰ মঞ্চতো ২০১৯ৰ সলনি লিখা হ’ল ২০১৮ বৰ্ষ।
News18-Assam
Updated: October 2, 2019, 9:50 AM IST
নিলয় ভট্টাচাৰ্য : সমগ্ৰ দেশে জাতিৰ পিতা মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জন্মজয়ন্তী পালন কৰাৰ সময়তে অসমত উন্মোচন হৈছে গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডৰ গুৱাহাটী শাখাৰ দায়িত্বহীনতাৰ ছবি। মহানগৰীৰ গান্ধী মণ্ডপৰ অনুষ্ঠিত হোৱা অনুষ্ঠানত জাতিৰ পিতা মহাত্মা গান্ধীক অপমান গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডৰ।

গান্ধী জয়ন্তী উপলক্ষে গান্ধী মণ্ডপত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব। মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব নতুনকৈ নিৰ্মাণ কৰা গান্ধী উদ্যান। কিন্তু ডেৰশ বছৰীয়া গান্ধী জয়ন্তীৰ বাবে আঁৰি থোৱা ফলকৰ লগতে অনুষ্ঠানৰ মঞ্চতো ২০১৯ৰ সলনি লিখা হ’ল ২০১৮ বৰ্ষ। ফলত এবছৰ পিছুৱাই গৈছে গান্ধীৰ জন্মদিন।



গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডৰ এনে কাণ্ডত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। NEWS18ৰ সাংবাদিক উপস্থিত হোৱাৰ পিছত ভুলকৈ লিখা ফলক আৰু তোৰণ আঁতৰালে গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি