• Home
  • »
  • News
  • »
  • assam
  • »
  • খেলুৱাত পথ নিৰ্মাণত অনিয়ম, নিৰ্মাণৰ ছমাহতে বিধ্বস্ত পথ, প্ৰতিক্ৰিয়া 

খেলুৱাত পথ নিৰ্মাণত অনিয়ম, নিৰ্মাণৰ ছমাহতে বিধ্বস্ত পথ, প্ৰতিক্ৰিয়া 

ঠিকাদাৰগৰাকীয়ে পালমাৰি কাম কৰা বাবেই এনে অৱস্থা হোৱা বুলি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজে।  

ঠিকাদাৰগৰাকীয়ে পালমাৰি কাম কৰা বাবেই এনে অৱস্থা হোৱা বুলি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজে।  

ঠিকাদাৰগৰাকীয়ে পালমাৰি কাম কৰা বাবেই এনে অৱস্থা হোৱা বুলি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজে।  

  • Share this:
শিৱসাগৰৰ বেতবাৰী মৌজাৰ খেলুৱাত পথ নিৰ্মাণত চৰম দুৰ্নীতি তথা বহুৱালি কৰা কাণ্ডক লৈ প্ৰতিবাদত মুখৰ হৈ পৰিছে স্থানীয় ৰাইজ। খেলুৱাস্থিত শিৱসাগৰ  উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ  সমীপতে লাখ লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰা এটা পথ নিৰ্মাণৰ ছমাহৰ পিছতে বিধ্বস্ত হৈ পৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে। স্থানীয় বহু সংখ্যক ৰাইজে পথটোৰ পুনৰ নিৰ্মাণৰ লগতে দোষীক কঠোৰ শাস্তিৰ দাবী তুলিছে।

আনকি খোদ স্থানীয় চৰকাৰী গাঁওবুঢ়াই পথটো বিসংগতিপূৰ্ণভাৱে নিৰ্মাণ কৰা বুলি ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰাৰ লগতে উচিত তদন্তৰ আহ্বান জনাইছে। লক্ষণীয় যে  শিৱসাগৰৰ লোক নিৰ্মাণ বিভাগে এছ অ' পি ডি আঁচনিৰ অধীনত ছমাহ আগেয়ে খেলুৱা ন-আলিটো পেভাৰ ব্লকেৰে পকীকৰণ কৰিছিল।

৯০০ মিটাৰ দৈৰ্ঘ্যৰ এই পথটোৰ বাবে  আবন্টিত পুঁজিৰ পৰিমাণ আছিল ৭৫,১১,৪৯৪ টকা ।  কিন্তু অতি পৰিতাপৰ বিষয় এই বৃহৎ অংকৰ ধনেৰে নিৰ্মাণ কৰা "খেলুৱা ন-আলি" নামৰ এই  পথটোৰ বিভিন্ন অংশ বহি যোৱাৰ লগতে পেভাৰ ব্লক ইটাসমূহ চপৰা চপৰে এৰি খাৱৈত খহি পৰিছে।

ছাইড বীম বিলাক টুকুৰাটুকুৰকৈ ভাগি যোৱাত সকলোৰে চকু কপালত উঠিছে। নিৰ্মাণৰ ছমাহৰ পিছতেই পথটো যাতায়াতৰ বাবে অনুপযোগী হৈ পৰাটো কোনেও মানি ল'ব পৰা নাই।

ৰাজকোষৰ ধন সঠিকভাবে ব্যৱহাৰ নকৰি ঠিকাদাৰগৰাকীয়ে পালমাৰি কাম কৰা বাবেই এনে অৱস্থা হোৱা বুলি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি