১৬ জানুৱাৰীত চেপন- চূণপোৰা সংযোগী দিচাং নৈৰ পকী দলংখন হঠাৎ মাজভাগতেই ভাগি পৰিছিল।
১৬ জানুৱাৰীত চেপন- চূণপোৰা সংযোগী দিচাং নৈৰ পকী দলংখন হঠাৎ মাজভাগতেই ভাগি পৰিছিল।
যোৱা ১৬ জানুৱাৰীত চেপন- চূণপোৰা সংযোগী দিচাং নৈৰ (Dishang River) পকী দলংখন হঠাৎ মাজভাগতেই ভাগি পৰাত দুয়োপাৰৰ ৰাইজৰ যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছিল । চেপন-চূণপোৰা সংযোগী ব্যস্ততাপূৰ্ণ এই পকী দলংখন ভাঙি পৰাত শিৱসাগৰ (Sivasagar) আৰু চৰাইদেউ জিলাৰ ৰাইজ বিপদত পৰিছিল। দিচাং নৈৰ পকী দলংখন ভাঙি পৰাত লোকনিৰ্মাণ বিভাগে কিছুদিন পূৰ্বে ভগা দলংখনৰ ওপৰত এখন বাঁহৰ দলং নিৰ্মাণ কৰিছিল যদিও অঞ্চলটোৰ ৰাইজৰ স্থায়ী যাতায়াতৰ বাবে এখন লোহাৰ দলং নিৰ্মাণৰ কাম অতি সোনকালে আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে৷
আজি চৰাইদেউ জিলাৰ লোকনিৰ্মাণ বিভাগৰ তৰফৰ পৰা দিচাং নৈৰ ভগা পকী দলঙৰ কাষতেই পদযাত্ৰী আৰু দুচকীয়া বাহনৰ যাত্ৰীৰ সুবিধাৰ বাবে উদ্বোধন কৰা হয় ৭৫ মিটাৰ দৈৰ্ঘ্যৰ আন এখন বাঁহৰ দলং। এক-ডেৰমাহৰ ভিতৰতেই দিচাং নৈৰ পকী ভগ্ন দলঙৰ ওপৰত এখন লোহাৰ দলং নিৰ্মাণ কৰি (Iron bridge to be constructed) যাতায়াত সুচল কৰিব বুলি জানিবলৈ দিয়ে চৰাইদেউ জিলাৰ লোকনিৰ্মাণ বিভাগে ৷
উল্লেখ্য, এই দলংখনতে অলপতে আন্ধাৰৰ বাবে হোৱা চাইকেল দুৰ্ঘটনাত এগৰাকী যুৱকে কৰুণ মৃত্যুক সাৱটি লয়। এই ঘটনাক লৈ স্থানীয় ৰাইজে টায়াৰ জ্বলাই প্ৰতিবাদো সাব্যস্ত কৰিছিল।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|