অন্ত পৰিল এক বৰ্ণিল অধ্যায়। আজি চিৰ বিদায় ল’লে বলীউদৰ বলিষ্ঠ অভিনেতা ইৰফান খানে। বলীউদ, হলীউদৰ বহু ছবিত ব্যতিক্ৰমী অভিনয় শৈলীৰে দৰ্শকৰ হৃদয়ত বিশেষ স্থান দখল কৰা ইৰফান খানৰ অসমৰ সৈতেও আছিল বিশেষ সংযোগ।
প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ কালজয়ী উপন্যাস মৃত্যুঞ্জয়ক ১৯৯৩-৯৪ চনত ধাৰাবাহিকৰ ৰূপ দিয়া হৈছিল। ১৯৯৩-৯৪ চনত দুৰদৰ্শনত হিন্দী ভাষাত সম্প্ৰচাৰিত হোৱা ধাৰাবাহিকখনত ধনপুৰৰ চৰিত্ৰত অভিনয় কৰিছিল ইৰফান খানে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : April 29, 2020, 15:11 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।