• Home
  • »
  • News
  • »
  • assam
  • »
  • IBৰ মূৰব্বী পদত তপন ডেকা, এই গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত প্ৰথমগৰাকী অসমীয়া ডেকা

IBৰ মূৰব্বী পদত তপন ডেকা, এই গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত প্ৰথমগৰাকী অসমীয়া ডেকা

১৯৮৮ চনত তপন কুমাৰ ডেকাই যোগদান কৰিছিল ভাৰতীয় আৰক্ষী সেৱাত।

১৯৮৮ চনত তপন কুমাৰ ডেকাই যোগদান কৰিছিল ভাৰতীয় আৰক্ষী সেৱাত।

১৯৮৮ চনত তপন কুমাৰ ডেকাই যোগদান কৰিছিল ভাৰতীয় আৰক্ষী সেৱাত।

  • Share this:
IBৰ মূৰব্বী পদত তপন ডেকা। এই গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত প্ৰথমগৰাকী অসমীয়া তপন কুমাৰ ডেকা। উল্লেখযোগ্য যে ১৯৮৮ চনত তপন কুমাৰ ডেকাই যোগদান কৰিছিল ভাৰতীয় আৰক্ষী সেৱাত।

হিমাচল প্ৰদেশৰ আইপিএছ কেডাৰ তপন কুমাৰ ডেকাই দীৰ্ঘ সময় চোৰাংচোৱা বিভাগতে বিভিন্ন পদত দায়িত্ব সম্পন্ন কৰিছিল। নিজৰ দক্ষতা আৰু মেধাৰে কেৱল দেশতে নহয়, বিদেশতো সুনাম বুটলিবলৈ সক্ষম হৈছে তেওঁ।

২০১৩ চনত তেওঁক ৰাষ্ট্ৰপতিৰ পুলিচ মেডেলেৰে সন্মানিত কৰা হৈছিল। সংবাদ মাধ্যমৰ চৰ্চাত নাথাকিলেও তপন কুমাৰ ডেকা আছিল দেশৰে আইপিএছ বিষয়া সকলৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ বিষয়া। আমেৰিকাত টুইন টাৱাৰ আক্ৰমণৰ সময়ত তেওঁ আমেৰিকাত থকা ভাৰতীয় দূতাৱাসত কৰ্মৰত আছিল।

ছাত্ৰাৱস্থাৰ পৰাই অত্যন্ত মেধাৱী আছিল তপন কুমাৰ ডেকা। অসম আন্দোলনৰ সময়ত ছাত্ৰাৱস্থাত আছুৰ নেতা হিচাপে সক্ৰিয় আছিল। সন্ত্ৰাসবিৰোধী অভিযানত সুনাম থকা তপন ডেকাই ১৯৯৩ চনৰ পৰা ২০০১ চনলৈ অসমত সন্ত্ৰাসবিৰোধী অভিযানৰ তদাৰক কৰিছিল।

২০০৬ চনত তেওঁ আইবি (চোৰাংচোৱা) বিভাগৰ এণ্টি টেৰ’ উইঙৰ মুৰব্বীৰূপে ২০১২ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল। বৰ্তমান প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা উপদেষ্টা অজিত দোভালৰ অত্যন্ত বিশ্বাসী আৰু ঘনিষ্ঠ এইগৰাকী আইপিএছ বিষয়া।

২০১২ চনৰ পৰা ২০১৫ চনলৈকে তেওঁ আছিল আমেৰিকাত। ২০১৬ চনত তেওঁ অসমলৈ আহি আই বিৰ যুটীয়া সঞ্চালক হিচাবে যোগদান কৰি উত্তৰ-পূবৰ দায়িত্ব চম্ভালিছিল। তাৰ পাছত ২০১৯ চনত তেওঁক আই বিৰ অতিৰিক্ত সঞ্চালকৰূপে দিল্লীলৈ বদলি কৰা হয়।

দীৰ্ঘ সময় চোৰাংচোৱা বিভাগতে কাৰ্যনিৰ্বাহ কৰা এইগৰাকী আইপিএছ বিষয়াক ভাৰত চৰকাৰে ২০১৮ চনৰ ১৩ জুনত এপইণ্টমেণ্ট কমিটী অৱ কেবিনেটে আন ৩০ গৰাকী বিষয়াৰ সৈতে অতিৰিক্ত সঞ্চালকপ্ৰধান পদৰ বাবে অনুমোদন জনাইছিল।

চোৰাংচোৱা বিভাগত দীৰ্ঘদিন ধৰি কৰ্মৰত হৈ থকা সূত্ৰে তেওঁক আৰক্ষী পোছাকত প্ৰায় কমেই দেখা পোৱা গৈছিল। ১৯৯৮ চনৰ পৰা তেওঁ খাকী পোছাক পৰিধান কৰা নাই। বিশেষকৈ চোৰাংচোৱা বিভাগৰ উচ্চপদস্থ বিষয়া হোৱাৰ সূত্ৰে সংবাদ মাধ্যম আৰু আন প্ৰচাৰৰ পৰাও আঁৰতে থাকিছিল এইগৰাকী আইপিএছ বিষয়া।

কটন কলেজত কলেজীয়া শিক্ষা গ্ৰহণ কৰি পৰৱৰ্তী সময়ত দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল তপন কুমাৰ ডেকাই। কটন কলেজত পঢ়ি থকা সময়ত তেওঁ আছিল কটনৰ ছাত্ৰ একতা সভাৰ তৰ্ক বিভাগৰ সম্পাদকো।

২০১৪ চনত ঢাকালৈ যোৱা ভাৰতীয় ক্ৰিকেট দলৰ নিৰাপত্তাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল এইগৰাকী আইপিএছ বিষয়াৰ হাততে। সেইবাৰ সৌৰভ গাংগুলীৰ নেতৃত্বত টীম ইণ্ডিয়া গৈছিল বাংলাদেশ ভ্ৰমণলৈ। বাংলাদেশৰ বিৰুদ্ধে তিনিখন এদিনীয়া আৰু দুখন টেষ্ট শৃংখলা খেলা টীম ইণ্ডিয়াৰ সৈতে ২৮ ডিচেম্বৰ, ২০১৪লৈকে বাংলাদেশত আছিল তপন কুমাৰ ডেকা।

১৯৬৩ চনৰ ২৫ ফেব্ৰুৱাৰীত জন্ম তপন কুমাৰ ডেকাৰ। আই বিৰ বিশেষ সঞ্চালকপ্ৰধানৰূপে সম্প্ৰতি কাৰ্য নিৰ্বাহ কৰি আছে ডেকাই ৷
Published by:Sanjay Kumar Das
First published: