মেঘালয়ৰ জংঘলত জিএনএলএ উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান চলাই ম'গলী নামৰে জনপ্ৰিয় হোৱা, ধুবুৰীৰ ভাৰত-বাংলা সীমান্তত কুখ্যাত গো-মাফিয়াক ধৰাশায়ী কৰি ধুবুৰীবাসীৰ হৃদয় জয় কৰা আইপিএছ বিষয়া আনন্দ মিশ্ৰৰ কাৰ্যকালত অপৰাধৰ ৰম্যভূমি ৰূপে পৰিচিত নগাঁৱতো আৰক্ষীৰ গুলীত ধৰাশায়ী হৈছিল বহু কুখ্যাত ড্ৰাগছ মাফিয়া। নগাঁৱৰ অপৰাধৰ সাম্ৰাজ্য নিয়ন্ত্ৰনৰ ক্ষেত্ৰত সফল হোৱা আইপিএছ বিষয়াগৰাকী কেৱল এটা ভুল এনকাউণ্টাৰৰ বাবেই নগাঁৱৰ পৰা বদলি হ'ব লগা হৈছিল।
আনন্দ মিশ্ৰৰ প্ৰস্থানৰ পিছতে নগাঁৱত বৃদ্ধি পোৱা অপৰাধজনিত কাৰ্যকলাপৰ বাবে পুনৰ নগাঁৱলৈ আইপিএছ বিষয়াগৰাকীক উভতাই অনাৰ দাবীও উত্থাপিত হৈছিল।
পিছে এসময়ৰ Encounter Specialist হিচাপে পৰিচিত আনন্দ মিশ্ৰক দেখা গৈছে নতুন ৰূপত। শেহতীয়াভাৱে ৰাজ্যত চলি থকা দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত নিৰীক্ষকৰ ৰূপত দেখা গ'ল জনপ্ৰিয় আইপিএছ বিষয়াগৰাকীক।
যোৱা ২ ফেব্ৰুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ গুৱাহাটীৰ তিনিখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগত নিৰীক্ষক হিচাপেও জনপ্ৰিয়তা অৰ্জন কৰিলে আৰক্ষী বিষয়াগৰাকীয়ে। ২ ফেব্ৰুৱাৰীত চান্দমাৰীৰ ভাস্কৰ বিদ্যাপীঠ, ৩ ফেব্ৰুৱাৰীত গীতানগৰ হাইস্কুল আৰু ৪ ফেব্ৰুৱাৰীত গীতানগৰত জ্যোতি বিদ্যাপীঠত নিৰীক্ষকৰ দায়িত্ব পালন কৰা আনন্দ মিশ্ৰই ছাত্ৰ-ছাত্ৰী সকলক প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে উৎসাহ যোগালে।
জনপ্ৰিয় বিষয়াগৰাকীক কাষতে পাই আনন্দিত হৈ পৰিছিল ছাত্ৰ-ছাত্ৰীসকল। অপৰাধীৰ বিৰুদ্ধে বহু সফল অভিযানৰ নেতৃত্ব দি সামাজিক মাধ্যমত চৰ্চিত হৈ পৰা বিষয়াগৰাকীয়ে শিক্ষকতাৰ দায়িত্বও সফলতাৰে পালন কৰাৰ পিছত IPS আনন্দ মিশ্ৰৰ নতুন নাম হৈ পৰিছে অলৰাউণ্ডাৰ আনন্দ মিশ্ৰ।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : February 08, 2023, 16:28 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|