ছচিয়েল মিডিয়াত শিক্ষয়িত্ৰীগৰাকীৰ অশ্লীল ফটো আপলোড কৰাৰ পিছতে আত্মহত্যা শিক্ষয়িত্ৰীগৰাকীৰ।
ছচিয়েল মিডিয়াত শিক্ষয়িত্ৰীগৰাকীৰ অশ্লীল ফটো আপলোড কৰাৰ পিছতে আত্মহত্যা শিক্ষয়িত্ৰীগৰাকীৰ।
- News18
- Last Updated :
জ্যোতিৰ্ময় চক্ৰৱৰ্তীঃ ধুবুৰীৰ বিলাসীপাৰাৰ ভেৰভেৰীত টেট শিক্ষয়িত্ৰীৰ আত্মহত্যাৰ ন ন তথ্য পোহৰলৈ আহিছে। অভিযুক্ত শ্বাহ আলমৰ সৈতে থকা অবৈধ সম্পৰ্কই কাল হ’ল টেট শিক্ষয়িত্ৰীগৰাকীৰ কাৰণে! শিক্ষয়িত্ৰীগৰাকীৰ আত্মহত্যাৰ ৩ দিন পূৰ্বে অভিযুক্ত তথা তথাকথিত অবৈধ প্ৰেমিক শ্বাহ আলম আহমেদে ছচিয়েল মিডিয়াত আপলোড কৰিছিল শিক্ষয়িত্ৰীগৰাকীৰ অশ্লীল ফটো।
তাৰ পিছতেই দুয়োৰে মাজত সৃষ্টি হৈছিল তীব্ৰ সংঘাত। শিক্ষয়িত্ৰীগৰাকী আত্মহত্যাৰ কৰাৰ দিনাও তেওঁৰ ভাৰাঘৰত শ্বাহ আলমৰ সৈতে দুৰ্বাদল কাজিয়া লাগিছিল। কাজিয়াৰ পিছত শ্বাহ আলম ঘৰৰ পৰা ওলাই যোৱাৰ পিছতে চিপ লৈ আত্মহত্যা কৰে শিক্ষয়িত্ৰী গৰাকীয়ে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শ্বাহ আলম আহমেদ নামৰ লোকজনক। ভাৰতীয় দণ্ডবিধিৰ ৩০৬ ধাৰাত গোচৰ ৰুজু কৰি ধৃত শ্বাহ আলমক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। উল্লেখ্য যে ৪ মাহ পূৰ্বে চাকৰি সূত্ৰে মাৰ্ঘেৰিটাৰ পৰা ধুবুৰীলৈ আহিছিল শিক্ষয়িত্ৰীগৰাকীয়ে। বিলাসীপাৰৰ ভেৰভেৰীত এঘৰত ভাৰাতীয়া হিচাপে আছিল শিক্ষয়িত্ৰীগৰাকী। শিক্ষয়িত্ৰী গৰাকীৰ ভাৰাঘৰত বিলাসীপাৰাৰ বাঙালীপাৰাৰ শ্বাহ আলম নামৰ বিবাহিত লোকজনে সঘনাই অহা যোৱা কৰিছিল। ভাৰাঘৰৰ গৰাকীক দুয়ো স্বামী স্ত্ৰী বুলিও পৰিচয় দিছিল।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|