• Home
  • »
  • News
  • »
  • assam
  • »
  • বদ্ৰীপ্ৰসাদ বাৰোৱাতীক জেৰা মহানগৰ আৰক্ষীৰ, অপৰাধী চক্ৰৰ সৈতে কি সম্পৰ্ক আৰক্ষী বিষয়া বদ্ৰীৰ?

বদ্ৰীপ্ৰসাদ বাৰোৱাতীক জেৰা মহানগৰ আৰক্ষীৰ, অপৰাধী চক্ৰৰ সৈতে কি সম্পৰ্ক আৰক্ষী বিষয়া বদ্ৰীৰ?

আৰক্ষীৰ উপ-পৰিদৰ্শক হিচাপে কৰ্মৰত বদ্ৰীপ্ৰসাদৰ বিলাসী জীৱন-যাপনৰ প্ৰণালী দেখি তেওঁৰ সহকৰ্মী সকলৰো চকু কপালত উঠিছিল।

আৰক্ষীৰ উপ-পৰিদৰ্শক হিচাপে কৰ্মৰত বদ্ৰীপ্ৰসাদৰ বিলাসী জীৱন-যাপনৰ প্ৰণালী দেখি তেওঁৰ সহকৰ্মী সকলৰো চকু কপালত উঠিছিল।

আৰক্ষীৰ উপ-পৰিদৰ্শক হিচাপে কৰ্মৰত বদ্ৰীপ্ৰসাদৰ বিলাসী জীৱন-যাপনৰ প্ৰণালী দেখি তেওঁৰ সহকৰ্মী সকলৰো চকু কপালত উঠিছিল।

  • Share this:
গুৱাহাটীত জব্দ হোৱা ৫০ লক্ষাধিক টকাৰ চোৰাং সোণৰ সৈতে সম্পৰ্ক তথাৰ সন্দেহত আৰক্ষীয়ে আটক কৰা ৰে’লৱে আৰক্ষীৰ উপ-পৰিদৰ্শক বদ্ৰীপ্ৰসাদ বাৰোৱাতীৰ বিৰুদ্ধে পূৰ্বেও আছে বহু অভিযোগ।

উল্লেখযোগ্য যে, বদ্ৰীপ্ৰসাদ বাৰোৱাতী দীৰ্ঘদিন ধৰি নগাঁৱৰ বৰঘাট বাইপাছ আৰক্ষী চকীত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে কৰ্মৰত আছিল। নগাঁৱৰ বৰঘাট আৰক্ষী চকীক সোণৰ কণী পৰা হাঁহ বুলি সকলোৱে জানে। কয়লা, বাৰ্মিজ চুপাৰী, চোৰাং আগৰ কাঠৰ লগতে বিভিন্ন ছিণ্ডিকেটৰ পৰা বৰঘাট আৰক্ষী চকীয়ে নিতৌ ধন সংগ্ৰহ কৰাৰ বিষয়ে বিভিন্ন সময়ত বাতৰি সম্প্ৰচাৰিত হৈছে।

ইয়াৰ পিছতে বাৰোৱাতীক কাৰ্বিআংলং জিলালৈ বদলি কৰা হয়। কাৰ্বি আংলং জিলাত সেই সময়ত আৰক্ষী অধীক্ষকৰ দায়িত্বত আছিল শিৱপ্ৰসাদ গাঞ্জাৱালা। কাৰ্বি আংলং জিলাতো খটখটী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্ব লাভ কৰা বদ্ৰীপ্ৰসাদৰ বিৰুদ্ধে পূৰ্বৰ মুখ্যমন্ত্ৰীক অভিযোগ দিবলৈ বাধ্য হৈছিল এগৰাকী বিজেপিৰ বিধায়কে। ইয়াৰ পিছতো বাৰুৱাতীয়ে ডিলাই আৰু বকলীয়াৰ দৰে আৰক্ষী চকীত ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্ব লাভ কৰে।

পৰৱৰ্তী সময়ত বদ্ৰীপ্ৰসাদ বাৰোৱাতীক কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ে শাস্তিমূলক বদলিৰ নিৰ্দেশ দিয়ে। কিন্তু চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনায় যদিও বিফল হৈ গুৱাহাটী ৰে’লৱে আৰক্ষীলৈ বদলি হয়। অৱশেষত ৰে’লৱে আৰক্ষীৰ উপ-পৰিদৰ্শক হিচাপে কৰ্মৰত হৈ থাকোতেই মহানগৰ আৰক্ষীয়ে চোৰাং সোণৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত আটক কৰে।

উল্লেখযোগ্য যে, আৰক্ষীৰ উপ-পৰিদৰ্শক হিচাপে কৰ্মৰত বদ্ৰীপ্ৰসাদৰ বিলাসী জীৱন-যাপনৰ প্ৰণালী দেখি তেওঁৰ সহকৰ্মী সকলৰো চকু কপালত উঠিছিল। এতিয়া বদ্ৰীপ্ৰসাদ বাৰোৱাতীৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্তত কি তথ্য-প্ৰমাণ উদ্ধাৰ কৰিব পাৰে সেয়া হ'ব লক্ষণীয়।
Published by:Sanjay Kumar Das
First published: