অসমৰ তিনি আৰক্ষী বিষয়ালৈ কেন্দ্ৰৰ অনুসন্ধান পাৰদৰ্শিতা বঁটা

News18-Assam
Updated:August 13, 2019, 9:04 AM IST
অসমৰ তিনি আৰক্ষী বিষয়ালৈ কেন্দ্ৰৰ অনুসন্ধান পাৰদৰ্শিতা বঁটা
দেশৰ মুঠ ৯৬গৰাকী আৰক্ষী বিষয়াই লাভ কৰিছে বঁটা।

দেশৰ মুঠ ৯৬গৰাকী আৰক্ষী বিষয়াই লাভ কৰিছে বঁটা।

  • Share this:
অসমৰ তিনিগৰাকী আৰক্ষী বিষয়ালৈ কেন্দ্ৰীয় গৃহ বিভাগৰ স্বীকৃতি। বিষয়া তিনিগৰাকীলৈ কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে অনুসন্ধান পাৰদৰ্শিতা বঁটা। হাইলাকান্দিৰ উপ–আৰক্ষী অধীক্ষক নয়নমণি বৰ্মনলৈ এই স্বীকৃতি। কিনিৰুং ৰিয়াং হত্যাকাণ্ডৰ ক্ষীপ্ৰ আৰু সঠিক তদন্তৰ বাবে অসম আৰক্ষী সেৱাৰ এইগৰাকী বিষয়ালৈ আগবঢ়োৱা হৈছে এই বঁটা। উপ–পৰিদৰ্শক ইমদাদুল হুছেইনেও লাভ কৰিছে এই বঁটা।

আনহাতে, নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিয়েও লাভ কৰিছে এই স্বীকৃতি। বটদ্ৰৱা কাণ্ডৰ ক্ষীপ্ৰ আৰু সঠিক তদন্তৰ বাবে ৰায়মেধিলৈ আগবঢ়োৱা হৈছে এই স্বীকৃতি। দেশৰ মুঠ ৯৬গৰাকী আৰক্ষী বিষয়াই লাভ কৰিছে বঁটা।
আৰু চাওক
পৰৱৰ্তী বাতৰি