মুখ্যপৃষ্ঠা »খবৰ »অসম »অসম ক্ৰিকেট সন্থাত হৈছে নেকি ভয়াৱহ বিত্তীয় কেলেংকাৰী? চলিব তদন্ত

অসম ক্ৰিকেট সন্থাত হৈছে নেকি ভয়াৱহ বিত্তীয় কেলেংকাৰী? চলিব তদন্ত

অসম ক্ৰিকেটত ২০০১ চনৰ পৰা ২০১৬ চনলৈ পোন্ধৰ বছৰৰ সকলো বিত্তীয় হিচাপ নিকাচৰ চলিব তদন্ত।

অসম ক্ৰিকেটত ২০০১ চনৰ পৰা ২০১৬ চনলৈ পোন্ধৰ বছৰৰ সকলো বিত্তীয় হিচাপ নিকাচৰ চলিব তদন্ত।

অসম ক্ৰিকেটত ২০০১ চনৰ পৰা ২০১৬ চনলৈ পোন্ধৰ বছৰৰ সকলো বিত্তীয় হিচাপ নিকাচৰ চলিব তদন্ত।

  • Share this:
অসম ক্ৰিকেট সন্থাত পূৰ্বে সংঘটিত হৈছে ভয়াৱহ বিত্তীয় কেলেংকাৰী। অসম ক্ৰিকেটত ২০০১ চনৰ পৰা ২০১৬ চনলৈ পোন্ধৰ বছৰৰ সকলো বিত্তীয় হিচাপ নিকাচৰ চলিব তদন্ত। কেইবামাহ পূৰ্বে অসম ক্ৰিকেটে এই তদন্তৰ কথা ঘোষণা কৰিছিল যদিও কাৰ্য্যত এতিয়াহে আৰম্ভ হ’ল তদন্ত প্ৰক্ৰিয়া।

অসম ক্ৰিকেট সন্থা চমুকৈ এচিএৰ নিৰ্ভৰযোগ্য সুত্ৰৰ পৰা জানিব পৰা মতে ২০০১ চনৰ পৰা ২০১৬ চনলৈ এচিএত সংঘটিত হৈছে ভয়াৱহ বিত্তীয় কেলেংকাৰী। বৰষুণৰ বাবে বিগত আন্ত:ৰাষ্ট্ৰীয় টী-২০ খেল গুৱাহাটীত পৰিত্যক্ত হোৱাৰ সময়তে এচিএ বিচাৰিছিল বিত্তীয় কেলেংকাৰীৰ উচিত তদন্ত। তেতিয়াই তদন্তৰ কথা সংবাদ মেল অনুষ্ঠিত কৰি ঘোষণা কৰিছে অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্তই।

শেহতীয়া ভাৱে হিচাপ মিলাব নোৱাৰাত এচিএৰ পৰা নিলম্বিতও হৈছে সন্থাৰ ছিনিয়ৰ কোষাধ্যক্ষ তপন বৰা। ইফালে এচিএৰ তদন্তক আদৰণি জনাইছে প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰদীপ বুঢ়াগোহাঁইয়ে। বৰষুণৰ বাবে আন্ত:ৰাষ্ট্ৰীয় টী -২০ ক্ৰিকেট খেল অনুষ্ঠিত কৰিব নোৱাৰা অসম ক্ৰিকেটক বিপদে লগ নেৰা হৈছে।

এইবাৰ দুখন আই পি এলৰ অনুষ্ঠিত কৰাৰ কথা আছিল গুৱাহাটীয়ে। কিন্তু কোৰোণাৰ বাবে খেল অনুষ্ঠিত নোহোৱাত পুনৰ বেক ফুটত এচিএ।

শেহতীয়া বাতৰি