ভাৰতবৰ্ষৰ ক্ৰীড়াৰ ক্ষেত্ৰখনৰ সন্মানীয় অৰ্জুন বঁটাৰ বাবে নিৰ্বাচিত হোৱাত এতিয়া আনন্দিত অসমৰ তাৰকা মহিলা বক্সাৰ লাভলীনা বৰগোহাঁই। আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ক্ষেত্ৰত অৰ্জন কৰা সফলতাৰ বাবেই অন্যান্য ২৮ গৰাকী খেলুৱৈৰ সৈতে ২০২০ বৰ্ষৰ অৰ্জুন বঁটাৰ বাবে নিৰ্বাচিত হয় লাভলীনা বৰগোহাঁই। অলিম্পিক গেমছলৈ যোগ্যতা অৰ্জন কৰা লাভলীনা বৰগোহাঁই আৰু পুৰুষৰ মনীষ কৌশিক এইবছৰৰ অৰ্জুন বটাৰ বাবে নিৰ্বাচিত হৈছে।
অৰ্জুন পুৰস্কাৰৰ বাবে নিৰ্বাচিত লাভলীনাৰ সৈতে সাংবাদিক বিপুল বৰ্মনৰ বিশেষ সাক্ষাৎকাৰ...
- দেশৰ ক্ৰীড়াৰ সন্মানীয় অৰ্জুন বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ পিছত আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া কি
- আনন্দ অনুভৱ কৰিছো। অৰ্জুন পুৰস্কাৰে আগন্তুক "অলিম্পিক গেমছ"ৰ বাবে মোক অধিক আত্মবিশ্বাসী কৰিব।
- অৰ্জুন পুৰস্কাৰৰ বাবে নিৰ্বাচিত হোৱা সম্পৰ্কত দেশৰ ক্ৰীড়া মন্ত্ৰণালয়ে আপোনাৰ সৈতে যোগাযোগ কৰিছেনে ?
- কৰিছে। ৰাষ্ট্ৰপতি ভৱনত ২৯ আগষ্টৰ বঁটা প্ৰদান অনুষ্ঠান হোৱাকলৈ বৰ্তমান চৰ্চা চলি থকাৰ মাজতে তেওঁলোকে মোৰ পোছাকৰ জোখ লৈছে।
- মই মাৰ্চ মাহতে ঘৰলৈ আহিলো আৰু ল’ক ডাউনৰ সময়ছোৱাত মই গোলাঘাটৰ ঘৰতে থাকিলো। এতিয়াও বৰপথাৰৰ বাৰমুখীয়া গাওঁতে আছো। ২১ আগষ্টত পাটিয়ালালৈ যাম।
- আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰা সফলতাৰ বিষয়ে অলপ জনাওক ?
-মই ৬৯ কেজিৰ ৱেল্টাৰ ৱেটত দুবাৰ, ‘আইবা বিশ্ব মহিলা বক্সিঙ’ত অংশলৈ দুটা পদক , ‘আইবা ইণ্ডিয়া অপেন ইণ্টাৰনেচনেলত দুবাৰ অংশলৈ দুটা পদক পাইছো লগতে এছিয়ান চেম্পিয়নশ্বীপ আৰু কমনৱেলথ গেমছত অংশ লৈছো।
- টকিঅ’ অলিম্পিকৰ পূৰ্বে কি প্ৰতিযোগিতাত অংশ ল’ব?
-মই ২১ আগষ্টত পাটিয়ালালৈ যাম। তাৰে কেম্পত অংশ লম। অলিম্পিকৰ পূৰ্বে এছিয়ান চেম্পিয়নশ্বীপ আছিল, হ’বনে নহ’ব নাজানো।
- আপোনাৰ এতিয়া প্ৰশিক্ষক কোন?
মোৰ বৰ্তমান প্ৰশিক্ষক হ’ল সন্ধ্যা গুৰুং আৰু ইটালীয়ান ৰাফেলে বৰগামাক্সো।
- আপুনি বক্সিং ইভেণ্ট কেতিয়াৰ পৰা খেলিছিলে?
- মই প্ৰথমে মাৰ্চিয়েল আৰ্টছ খেলিছিলো, পিছলৈ পদুম বড়ো আৰু হেমন্ত কলিতা ছাৰৰ সহায়ত ২০১২ চনত ১৫ বছৰ বয়সৰ পৰা বক্সিং খেলিবলৈ ললো।
- "অৰ্জুন বঁটা"ৰ বাবে নিৰ্বাচিত হোৱাৰ পিছত মা আৰু দেউতাৰ প্ৰতিক্ৰিয়া কি?
-মোৰ মা, মামণি বৰগোহাঁই আৰু দেউতা টিকেন বৰগোহাঁইয়ে মই "অৰ্জুন বটা"ৰ বাবে নিৰ্বাচিত হোৱাৰ খবৰ লাভ কৰি অত্যন্ত সুখী। সকলোৱে মাত্ৰ অপেক্ষা কৰি আছে ২০২১ৰ টকিঅ অলিম্পিকলৈ। ময়ো কষ্ট কৰি আছো।
- টকিঅ’ অলিম্পিকৰ প্ৰস্তুতি কেনেকুৱা?
-মই যোৱা পাঁচ মাহ ঘৰতে অনুশীলন কৰি আছো। ২১ আগষ্টৰ পৰা পাটিয়ালাত অনুশীলন চলাম। টকিঅ’ অলিম্পিকৰ স্বৰ্ণপদক অৰ্জনৰ বাবে নিজকে ১০০ শতাংশ উজাৰি দিম।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|