ডিগবৈত গ্ৰেনেড বিস্ফোৰণত জড়িত মুল নায়ক দুজনক গ্ৰেপ্তাৰৰ পিছত বিস্ফোৰণ কাৰ্য সংঘটিত হোৱাৰ সময়ত ব্যৱহৃত ক'লা ৰঙৰ মটৰচাইকেলখনৰ লগতে উক্ত দিনা পৰিধান কৰা পেণ্ট, চোলা, জোতা ইত্যাদি সামগ্ৰীসমূহ জব্দ কৰে আৰক্ষীয়ে। ধৃত হীৰেন গগৈ আৰু ৰণজিৎ চাংমায়ে আৰক্ষী-সেনাৰ জেৰাত বিস্ফোৰণৰ ঘটনাৰ সৈতে জড়িত বুলি ইতিমধ্যে স্বীকাৰ কৰিছে। সম্প্ৰতি ডিগবৈ আৰক্ষী থানাত আৰক্ষী আৰু সেনাবাহিনী উচ্চপদস্থ বিষয়াসকলে মাৰাথন জেৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে। পৰৱৰ্তী সময়ত বিস্ফোৰণৰ প্ৰকৃত সত্য পোহৰলৈ আহিব৷
উল্লেখ্য, তিনিচুকীয়া জিলাৰ ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত টিংৰাইত যোৱা ১৪ মে'ত সংঘটিত গ্ৰেনেড বিস্ফোৰণত দুজনকৈ লোকৰ প্ৰাণ কাঢ়ি লৈ যোৱা ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি যোৱা পাঁচ দিনৰ পিছত আজি বিস্ফোৰণত জড়িত মূল নায়ক দুজনক আটক কৰে। উজনি অসম আৰক্ষী আয়ুক্ত জিৎমল দলেৰ নেতৃত্বত তিনিচুকীয়া জিলা আৰক্ষী প্ৰশাসন , ডিগবৈ আৰক্ষী আৰু ডিগবৈ সেনা বাহিনীৰ যুটীয়া অভিযানত ডিগবৈ থানাৰ অন্তৰ্গত লক্ষীপথাৰ দেওঘৰীয়া গাঁৱৰ পৰা আটক কৰে হীৰেন গগৈ ওৰফে মুনু (৩০) আৰু ৰণজিৎ চাংমাইক (১৯)।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|