বিশ্ব যোগ দিৱসৰ দিনাই নগাঁও জিলাৰ ৰহাত যোগাসনত বিশ্ব অভিলেখ গঢ়িলে ৰহাৰ এজন পঞ্চম শ্ৰেণীৰ ছাত্ৰই। পদ্ম ময়ুৰাসন কৰি Cholan Book of World Record ত নিজৰ নাম লিপিবদ্ধ কৰিলে ৰহাৰ অভিজ্ঞান নাথ নামৰ এই ছাত্ৰজনে।
একেৰাহে ৬ মিনিট পদ্ম ময়ুৰাসন কৰি এই অভিলেখ গঢ়িলে ৰহা ৰজাগাঁৱৰ নকুল নাথ আৰু স্বৰ্ণলতা দেৱীৰ পুত্ৰ অভিজ্ঞানে। পূৰ্বতে এই অভিলেখ আছিল ভাৰতৰে কানপুৰৰ ছুজি পবিথৰণৰ নামত। সোমবাৰে চলান বুক অফ ৱল্ড ৰেকৰ্ডৰ অসম শাখাৰ সভাপতি হৰেশ্বৰ শইকীয়াৰ উপস্থিতিত এই অভিলেখ গঢ়িলে দহ বছৰীয়া অভিজ্ঞানে। অভিজ্ঞানৰ এই সাফল্যত সকলোৱে প্ৰশংসা কৰিছে। পদ্ম ময়ুৰাসনৰ উপৰি অভিজ্ঞানে বিভিন্ন যোগাসনতো পাৰদৰ্শিতা দেখুৱাই আহিছে। ইপিনে চলিত বৰ্ষৰ জানুৱাৰী মাহৰ সাত তাৰিখে অভিজ্ঞানৰ জ্যষ্ঠ ভগ্নী স্তুতি দেৱীয়েও চক্ৰাসন দুই মিনিটত এশ মিটাৰ অতিক্ৰম কৰি Cholan Book of Record ত বিশ্ব অভিলেখ গঢ়িছিল।