আজি অষ্টম অন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। সমগ্ৰ দেশৰ লগতে গুৱাহাটী মহানগৰীতো উদযাপন কৰা হৈছে এই যোগ দিৱসৰ। এই উপলক্ষে কামৰূপ জিলা প্ৰশাসন সহযোগত আয়ুস সঞ্চালকালয়, অসম ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়, অসম চৰকাৰ আৰু জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত নেহৰু ষ্টেডিয়ামৰ তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত আয়োজন কৰা হৈছে এই যোগ দিৱসৰ। য’ত অংশগ্ৰহণ কৰিছে কামৰূপ মহানগৰ উপায়ুক্তৰ, গুৱাহাটীৰ মেয়ৰৰ লগতে বিভিন্ন লোকে।
ৰাজভৱনতো পালন কৰা হয় যোগ দিৱস। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্যপাল জগদীশ মুখীয়ে। আন বিভিন্নজনেও যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। শক্তিপীঠ কামাখ্যা ধামতো উদযাপন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। পতঞ্জলি যোগপীঠৰ উদ্যোগত পালন কৰা হয় এই কাৰ্যসূচী। এই কাৰ্যসূচীত পতঞ্জলি যোগপীঠৰ ২৫ গৰাকীকৈ সদস্যই অংশ লয়।