
আয়ুস মন্ত্ৰণালয়ৰ নিৰ্দেশ অনুসৰি, শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত কাৰেং ঘৰৰ চৌহদত আজি যোগ দিৱস উদযাপন কৰা হয়৷
আয়ুস মন্ত্ৰণালয়ৰ নিৰ্দেশ অনুসৰি, শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত কাৰেং ঘৰৰ চৌহদত আজি যোগ দিৱস উদযাপন কৰা হয়৷
আজি অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস৷ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৭৫টা ঐতিহাসিক স্থানত আয়ুস মন্ত্ৰণালয়ৰ তত্বাৱধানত উদযাপন কৰা হৈছে যোগ দিৱস৷ ৭৫টা ঐতিহাসিক স্থানৰ ভিতৰত আছে শিৱসাগৰ জিলাৰ গড়গাঁৱৰ কাৰেং ঘৰৰ বাকৰি৷
আয়ুস মন্ত্ৰণালয়ৰ নিৰ্দেশ অনুসৰি, শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত কাৰেং ঘৰৰ চৌহদত আজি যোগ দিৱস উদযাপন কৰা হয়৷ ঐতিহাসিক কাৰেংঘৰৰ চৌহদত উদয়াপন কৰা যোগ দিৱসত অংশগ্ৰহণ কৰে অসম বিধান সভাৰ উপাধ্যক্ষ নোমল মমিনে।
Read| International Yoga Day 2022: যোগে বিশ্ব আৰু মানুহক সংযোগ কৰিছে, আমাৰ বহুতো সমস্যাৰ অন্ত পেলাইছে: প্ৰধানমন্ত্ৰী মোডীযোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি নোমল মমিনে কয় যে যোগৰ জৰিয়তে লাচিত বৰফুকনে অপৰিসীম শক্তি লাভ কৰি যুদ্ধত জয় লাভ কৰিছিল৷ মোগলৰ সৈতে যুদ্ধ কৰিবলৈ নহয়, সুস্বাস্থ্যৰ অধিকাৰী হৈ দেশৰ উন্নতিৰ হকে কাম কৰিবলৈ সকলোৱে যোগ কৰক৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|