বিগত চাৰি বছৰে চহৰত এইসকল মহিলাই অটো চলাই অহাৰ লগতে আন মহিলাসকলৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে৷
বিগত চাৰি বছৰে চহৰত এইসকল মহিলাই অটো চলাই অহাৰ লগতে আন মহিলাসকলৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে৷
বঙাইগাঁও চহৰৰ ৰাজপথত শুৱনি কৰিছে আঠখনকৈ গুলপীয়া ৰঙৰ অটোৱে৷ কেৱল মহিলাসকলে উঠিব পৰা এইসমূহ অটো চলাই আহিছে মহিলাই ৷ মহিলা যাত্ৰীৰ সুৰক্ষাৰ স্বাৰ্থত পুৱাৰ পৰা সন্ধিয়ালৈকে চহৰৰ বাটে-পথে বিশেষ অটো চলাইছে এই মহিলাসকলে৷ এইদৰে ব্যতিক্ৰমীভাৱে অটো চালকৰ পেছা গ্ৰহণ কৰি আৰ্থিকভাৱে স্বাৱলম্বীও হৈ পৰিছে তেওঁলোক৷
ফৰিডা ৰায়, পূৰ্ণিমা পাল দাস, অনিতা সূত্ৰধৰ, সৰস্বতী সাহুৰ লগতে অন্য চাৰিগৰাকী মহিলা অটো চালকে পুৰুষৰ সমানে ৰাজপথত অটো চলাই জীৱন নিৰ্বাহ কৰাৰ লগতে সমাজৰ বাবে আদৰ্শ হৈ পৰিছে৷ বিগত চাৰি বছৰে চহৰত এইসকল মহিলাই অটো চলাই অহাৰ লগতে আন মহিলাসকলৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে৷
পুৰুষত কৈ কোনো কাৰণতে কম নোহোৱা মহিলাকেইগৰাকীয়ে দৈনিক অটো চলাই পৰিয়াল চলোৱাৰ লগতে নিজে আত্মনিৰ্ভৰশিল হোৱা বুলি প্ৰকাশ কৰে৷ স্বাধীন দেশৰ স্বাধীন নাৰী বুলি প্ৰকাশ কৰে মহিলাসকলে৷ বঙাইগাঁও পৌৰসভাৰ অধীনত তথা অসম ৰাজ্যিক নগৰীয়া জীৱন অভিযানৰ আঁচনিৰ দ্বাৰা আৰু আই অ’ চিএল(IOCL) বঙাইগাঁৱৰ সহযোগত এইসকল মহিলাক কৰ্মসংস্থাপনৰ পথ মুকলি কৰি দিয়াত মহিলা যাত্ৰীসকলো সুৰক্ষিত বুলি জানিব পৰা গৈছে৷ বৰ্তমান বঙাইগাঁও চহৰত আঠখন এনেকুৱা পিংক অটো চলি থকাৰ কথা প্ৰকাশ কৰে মহিলা আটো চালকসকলে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|