মুখ্যপৃষ্ঠা »খবৰ »অসম »মাহেকীয়া আলোচনী 'বিন্দু'ৰ উদ্যোগত নাৰী দিৱস উদযাপন, News18 অসম NEৰ বাৰ্তা সম্পাদক তুলিকা দেৱীলৈ ‘সেৱাশ্ৰী’ সন্মান

মাহেকীয়া আলোচনী 'বিন্দু'ৰ উদ্যোগত নাৰী দিৱস উদযাপন, News18 অসম NEৰ বাৰ্তা সম্পাদক তুলিকা দেৱীলৈ ‘সেৱাশ্ৰী’ সন্মান

 নাৰী দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ ৪০গৰাকী মহিলাক বিশেষ ভাবে সন্মান জনোৱা হয়।

নাৰী দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ ৪০গৰাকী মহিলাক বিশেষ ভাবে সন্মান জনোৱা হয়।

  • Share this:
মাহেকীয়া আলোচনী 'বিন্দু' ৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন। নাৰী দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ ৪০গৰাকী মহিলাক বিশেষ ভাবে সন্মান জনোৱা হয়। News18 অসম NEৰ বাৰ্তা সম্পাদক তুলিকা দেৱীলৈ আগবঢ়োৱা হয় ‘সেৱাশ্ৰী’ সন্মান।



অসম ৰাজ্যিক সংগ্ৰহালয়,গুৱাহাটীত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে বিন্দু আলোচনীৰ মালবীকা চৌধুৰীয়ে। বিন্দু আলোচনীৰ সম্পাদক কমল কুমাৰে পৰিচালনা কৰা উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে জনপ্ৰিয় কন্ঠশিল্পী জে.পি দাস, জনপ্ৰিয় অভিনেতা ফ্ৰেংকি, নিয়মীয়া বাৰ্তাৰ উপ-সম্পাদক ড° গীতালী শইকীয়া, বৰ্ণিল আলোচনীৰ মুখ্য সম্পাদক আইলুং লাহন বৰা, বকো কলেজ অৱ ইডুকেচনৰ প্ৰৱক্তা পুষ্পাঞ্জলী শিৱম শৰ্মা, জনপ্ৰিয় মডেল ডলী কুৰ্মী, উদ্যমী মহিলা স্মৃতি ৰেখা দাস, সমাজ কৰ্মী ৰেখামনি হাজৰিকা, বিশিষ্ট লেখক সঞ্জীৱ মহন্তই ।



অনুষ্ঠানত জনপ্ৰিয় কন্ঠশিল্পী ড° অনিমা চৌধুৰীক কলাশ্ৰী, জনপ্ৰিয় অভিনেত্ৰী মুনমী কলিতাক কলাশ্ৰী, জনপ্ৰিয় কন্ঠশিল্পী জীনা ৰাজকুমাৰীক কলাশ্ৰী, নিউজ 18 অসম নৰ্থ-ইষ্টৰ বাৰ্তা সম্পাদক তুলিকা দেৱীক সেৱাশ্ৰী, জনপ্ৰিয় কন্ঠশিল্পী দীপলিনা ডেকাক কলাশ্ৰী সন্মান আগবঢ়োৱাৰ লগতে সমাজৰ বিভিন্ন ক্ষেত্ৰত কৰ্মৰত বহু কেইগৰাকী মহিলাক সম্বৰ্ধনা জনোৱা হয়।



অনুষ্ঠানত দীপলিনা ডেকা, ড° অনিমা চৌধুৰী, জীনা ৰাজকুমাৰীয়ে গীত পৰিৱেশন কৰি দৰ্শকক আমোদ দিয়াৰ লগতে অভিনেত্ৰী মুনমী কলিতা আৰু নিউজ 18 অসম নৰ্থ-ইষ্টৰ বাৰ্তা সম্পাদক তুলিকা দেৱীৰ মননশীল বক্তব্যই সকলোৰে হৃদয় চুই যায় ।

শেহতীয়া বাতৰি