• Home
  • »
  • News
  • »
  • assam
  • »
  • International Tiger Day: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদযাপন আন্তৰ্জাতিক বাঘ দিৱস

International Tiger Day: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদযাপন আন্তৰ্জাতিক বাঘ দিৱস

২০০৭ বৰ্ষত ব্যাঘ্র প্ৰকল্পৰ স্বীকৃতি পাইছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে।

২০০৭ বৰ্ষত ব্যাঘ্র প্ৰকল্পৰ স্বীকৃতি পাইছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে।

২০০৭ বৰ্ষত ব্যাঘ্র প্ৰকল্পৰ স্বীকৃতি পাইছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে।

  • Share this:

আজি আন্তৰ্জাতিক বাঘ দিৱস। বিশ্বৰ বিভিন্ন প্ৰান্তত আন্তৰ্জাতিক বাঘ দিৱস উদযাপন কৰাৰ লগতে কোভিড বিধি মানি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষয়ো উদযাপন কৰে এই দিৱস। কাজিৰঙাৰ কঁহৰাস্থিত শতবৰ্ষ উদযাপন কেন্দ্ৰৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত অনুষ্ঠুপীয়াকৈ উদযাপন কৰে বাঘ দিৱস।


বাঘ দিৱসৰ লগত সংগতি ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্র প্ৰকল্প এলেকাত কৰ্মৰত বন পালকসকলক বাঘ গণনাৰ প্ৰশিক্ষণ দিয়া হয়। আগন্তুক সময়ত ৰাষ্ট্ৰ ভিত্তিত হ'ব লগা বাঘ গণনাৰ ক্ষেত্ৰত অংশগ্ৰহণ কৰিবলৈ সুবিধা হোৱাকৈ বন পালকসকলক এই প্ৰশিক্ষণ দিয়া হয়। প্ৰশিক্ষণ দিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ নাথ শৰ্মা, সহকাৰী বন সংৰক্ষক পিৰাই মধুসূদন, CWRCৰ চিকিৎসক চামছুল আলী আৰু কৰবেট ফাউণ্ডেচনৰ সঞ্চালক নবীন পাণ্ডেই।


আন্তৰ্জাতিক বাঘ দিৱস উদযাপন কাৰ্যসূচীত উপস্থিত থাকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি. শিৱ কুমাৰ, DFO ৰমেশ কুমাৰ গগৈ,  উদ্যানৰ কেউটা বনাঞ্চলৰ বনাঞ্চলিক বিষয়াসকলৰ লগতে উদ্যানৰ সহকাৰী বন সংৰক্ষকসকল আৰু বিভিন্ন বেচৰকাৰী সংস্থাৰ একাংশ বিষয়ববীয়া। উল্লেখ্য যে ২০০৭ বৰ্ষত ব্যাঘ্র প্ৰকল্পৰ স্বীকৃতি পোৱা কাজিৰঙাত শেহতীয়াকৈ পোৱা গৈছিল ১২১ বাঘ।

Published by:Gautam Barman
First published: