International Tea Day: ক্ষুদ্ৰ চাহ খেতিয়ক অচ্যুৎ প্ৰসাদ গগৈয়ে নিজ গৃহত পুঞ্জয় অৰ্গেনিক নামেৰে জৈৱিক গ্ৰীণ টী, অৰ্থডক্স টি, হোৱাইট টী, অলং টী, মছলা টী প্ৰস্তুত কৰি আহিছে।
International Tea Day: ক্ষুদ্ৰ চাহ খেতিয়ক অচ্যুৎ প্ৰসাদ গগৈয়ে নিজ গৃহত পুঞ্জয় অৰ্গেনিক নামেৰে জৈৱিক গ্ৰীণ টী, অৰ্থডক্স টি, হোৱাইট টী, অলং টী, মছলা টী প্ৰস্তুত কৰি আহিছে।
বিশ্ব চাহ দিৱস (international tea day) উপলক্ষে মৰিয়নিৰ চেলেংহাটস্থিত পুঞ্জয় অৰ্গেনিকৰ স্বত্বাধিকাৰী, বিশিষ্ট ক্ষুদ্ৰ চাহ খেতিয়ক আৰু ভাৰতীয় ক্ষুদ্ৰ চাহ খেতিয়ক মহাসংঘৰ সম্পাদক অচ্যুৎ প্ৰসাদ গগৈয়ে ব্যক্তিক্ৰমী ধৰণে উদযাপন কৰে। অচ্যুৎপ্ৰসাদ গগৈয়ে বিশ্ব চাহ দিৱস উপলক্ষে পথচাৰীৰ মাজত বিনামূলীয়াকৈ লক্ষাধিক মূল্যৰ জৈৱিক গ্ৰীণ টি (Organic Green Tea) বিতৰণ কৰে।
উল্লেখ যে, ক্ষুদ্ৰ চাহ খেতিয়ক অচ্যুৎ প্ৰসাদ গগৈয়ে নিজ গৃহত পুঞ্জয় অৰ্গেনিক নামেৰে জৈৱিক গ্ৰীণ টী, অৰ্থডক্স টি, হোৱাইট টী, অলং টী, মছলা টী প্ৰস্তুত কৰি আহিছে। সম্পূৰ্ণ জৈৱিক আৰু পৰম্পৰাগত পদ্ধতিৰে প্ৰস্তুত কৰা অচ্যুৎ প্ৰসাদ গগৈৰ দ্বাৰা উৎপাদিত চাহ দেশে-বিদেশেও সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। গ্ৰামাঞ্চলৰ ৰাইজৰ মাজত গ্ৰীণ টি জনপ্ৰিয় কৰা উদ্দেশ্যে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবৰ বাবে বিশ্ব চাহ দিৱসৰ দিনটোত প্ৰতিবছৰে বিনামূলীয়াকৈ গ্ৰীণ টি বিতৰণ কৰি অহা বুলি জানিবলৈ দিয়ে পুঞ্জয় অৰ্গেনিকৰ স্বত্বাধিকাৰী অচ্যুৎ প্ৰসাদ গগৈয়ে।
আনহাতে আজি দিনটোতে মৰিয়নিৰ চেলেংহাটবাসীয়ে সহজে লাভ কৰিব পৰাকৈ পুঞ্জয় অৰ্গেনিকৰ উৎপাদিত বিভিন্ন জৈৱিক চাহ আৰু জৈৱিক কৃষি প্ৰযুক্তি বিধান আৰু ইয়াৰ বাবে প্ৰয়োজনীয় কেঁচুসাৰ, গোমূত্ৰ মিশ্ৰণেৰে প্ৰস্তুত কৰা জৈৱিক সাৰ বিক্ৰীৰ এখন বিপনীও চেলেংহাটত মুকলি কৰে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|