உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • লকডাউনৰ সময়ত কণমানি পুত্ৰৰ সৈতে ডুবাইত কি কৰিছে অসমৰ জলকুঁৱৰীয়ে?

    লকডাউনৰ সময়ত কণমানি পুত্ৰৰ সৈতে ডুবাইত কি কৰিছে অসমৰ জলকুঁৱৰীয়ে?

    দেশৰ সন্মানীয় ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ হৈ স্বৰ্ণপদক লাভ কৰা ফাৰিহা জামানে স্বামীৰ সৈতে ডুবাইতে থাকে।

    দেশৰ সন্মানীয় ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ হৈ স্বৰ্ণপদক লাভ কৰা ফাৰিহা জামানে স্বামীৰ সৈতে ডুবাইতে থাকে।

    দেশৰ সন্মানীয় ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ হৈ স্বৰ্ণপদক লাভ কৰা ফাৰিহা জামানে স্বামীৰ সৈতে ডুবাইতে থাকে।

    • Share this:
    কোৰোণা ভাইৰাছে সমগ্ৰ বিশ্বজুৰি ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়ত এবছৰীয়া পুত্ৰ মহম্মদ ফাৰজাদক লৈ ডুবাইত আছে অসমৰ জলকুঁৱৰী ফাৰিহা জামান। ৰাষ্ট্ৰীয় চেম্পিয়ন অসমৰ আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদগৰাকীয়ে খেলুৱৈ জীৱনত ছাফ গেমছৰ শ্ৰেষ্ঠ খেলুৱৈ হোৱাৰ উপৰি এছিয়ান আৰু বিশ্ব সাতোৰত চমকপ্ৰদ ক্ৰীড়াশৈলী প্ৰদৰ্শন কৰিছিল।

    দেশৰ সন্মানীয় ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ হৈ স্বৰ্ণপদক লাভ কৰা ফাৰিহা জামানে স্বামীৰ সৈতে ডুবাইতে থাকে। লক ডাউনৰ পূৰ্বে স্বগৃহলৈ অহা ফাৰিহাৰ স্বামীয়ে লক ডাউনৰ বাবে ভাৰততে আবদ্ধ হৈ আছে বাবে ডুবাইলৈ যাব পৰা নাই। সম্প্ৰতি ডুবাইৰ বিখ্যাত জেমছ গ্ৰুপ অফ ফাউণ্ডেচনৰ সাঁতোৰৰ প্ৰশিক্ষকৰ দায়িত্বত থকা ফাৰিহাই ডুবাইৰ ঘৰৰ পৰাই অনলাইনত দি আছিল প্ৰশিক্ষণ।

    শেহতীয়াকৈ অৱশ্যে ডুবাইত সম্পূৰ্ণ ৰূপে প্ৰত্যাহ্বাৰ কৰিছে লক ডাউন। ভাৰতবৰ্ষৰ লগতে অসমত যিহেতু চতুৰ্থ পৰ্যায়ৰ লক ডাউন চলি আছে, সেয়ে এই সময়ত সকলোকে সাৱধানে থাকিবলৈ অনুৰোধ জনাইছে ফাৰিহা জামানে। ফাৰিহাই অসমৰ খেলুৱৈ সকলকো নিতৌ দুবেলা অনুশীলনৰ বাবে পৰামৰ্শ দিয়ে।
    First published: