ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীসকলৰ বাবে এটা ভাল খবৰ। জলকোঁৱৰ এলভিছ আলী হাজৰিকালৈ আগবঢ়োৱা হৈছেঅসম অলিম্পিক সন্থাৰ বিশেষ পদ। জানিব পৰা মতে, অসম অলিম্পিক সন্থাৰ এথলিটছ কমিছনৰ আহ্বায়ক ৰূপে নিযুক্তি দিয়া হৈছে বিশিষ্ট সাঁতোৰবিদ এলভিছ আলী হাজৰিকাক। অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ স্বাক্ষৰিত এক বিশেষ নিযুক্তিপত্ৰযোগে এই কথা ঘোষণা কৰা হয়।
উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় সাঁতোৰ জগতত এক সুনাম আছে এলভিছ আলী হাজৰিকাৰ। বহুকেইখন আন্তঃৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত পদক অৰ্জনেৰে ইতিমধ্যে ৰাজ্যৰ লগতে দেশৰ নাম জিলিকাইছে এলভিছে। উল্লেখ্য যে এলভিছৰ নামত আছে আন বহুকেইটা ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ৰেকৰ্ডো। কেটেলিনা চেনেল সাঁতুৰি পাৰ কৰা প্ৰথমগৰাকী অসমীয়া সাঁতোৰবিদ হ'ল এলভিছ আলী হাজৰিকা। মন কৰিবলগীয়া কথা যে ৮০ কিঃমিঃজোৰা কেটেলিনা চেনেল সাঁতুৰি পাৰ কৰিবলৈ এলভিছক প্ৰয়োজন হৈছিল মাত্ৰ ১০ ঘণ্টা ৫৯ মিনিটৰ।
ইয়াৰোপৰি ইংলিছ চেনেল সাঁতুৰি পাৰ কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী সাঁতোৰবিদ হিচাপে ইতিমধ্যে সুনাম অৰ্জন কৰিছে এলভিছ আলী হাজৰিকাই। নিজৰ সাঁতোৰ কেৰিয়াৰত এলভিছে এতিয়ালৈকে ১৬৪টা ৰাষ্ট্ৰীয় আৰু ৬টা আন্তঃৰাষ্ট্ৰীয় সোণৰ পদক অৰ্জন কৰিছে। আনহাতে, অসম অলিম্পিক সন্থাৰ এথলিটছ কমিছনৰ আহ্বায়কৰূপে নিযুক্তি লাভ কৰি আনন্দিত হৈ পৰিছে আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদগৰাকী।এই সংক্ৰান্তত ইতিমধ্যে সামাজিক মাধ্যমৰ জৰিয়তে অলিম্পিক সন্থাৰ সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধন্যবাদ জ্ঞাপন কৰে। লগতে তেওঁ অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰকো কৃতজ্ঞতা জনায়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|