• Home
  • »
  • News
  • »
  • assam
  • »
  • Sign Language Day : কিয় উপেক্ষিত হৈ ৰৈছে বধিৰসকল, ৰাজ্যত ১২ লাখ বধিৰৰ ৫৫০ জনেহে পায় শিক্ষা, আন্তৰাষ্ট্ৰীয় সাংকেতিক ভাষা দিৱসৰ সময়তে বধিৰ সন্থাৰ ক্ষোভ

Sign Language Day : কিয় উপেক্ষিত হৈ ৰৈছে বধিৰসকল, ৰাজ্যত ১২ লাখ বধিৰৰ ৫৫০ জনেহে পায় শিক্ষা, আন্তৰাষ্ট্ৰীয় সাংকেতিক ভাষা দিৱসৰ সময়তে বধিৰ সন্থাৰ ক্ষোভ

ৰাজ্যখনৰ প্ৰায় ১২ লাখ বধিৰৰ বিপৰীতে আছে মাথো দুখন বধিৰ বিদ্যালয়, য'ত মাথো ৫৫০ জন বধিৰ শিক্ষাৰ্থীয়ে শিক্ষাগ্ৰহণ কৰিব পাৰে ৷

ৰাজ্যখনৰ প্ৰায় ১২ লাখ বধিৰৰ বিপৰীতে আছে মাথো দুখন বধিৰ বিদ্যালয়, য'ত মাথো ৫৫০ জন বধিৰ শিক্ষাৰ্থীয়ে শিক্ষাগ্ৰহণ কৰিব পাৰে ৷

ৰাজ্যখনৰ প্ৰায় ১২ লাখ বধিৰৰ বিপৰীতে আছে মাথো দুখন বধিৰ বিদ্যালয়, য'ত মাথো ৫৫০ জন বধিৰ শিক্ষাৰ্থীয়ে শিক্ষাগ্ৰহণ কৰিব পাৰে ৷

  • Share this:
বধিৰসকলৰো আছে এখন নিজা পৃথিৱী ৷ তেওঁলোকৰো আছে নানাৰঙী সপোন, চিন্তা আৰু ভাৱ প্ৰকাশৰ ইচ্ছা ৷ প্ৰতিবছৰে ২৩ ছেপ্টেম্বৰৰ দিনটো আন্তঃৰাষ্ট্ৰীয় সাংকেতিক ভাষা দিৱস (International Sign Language Day) হিচাপে পালন কৰা হয় ৷  বিশ্বৰ ২৬খন দেশৰ লগতে অসমত ২০ ছেপ্টেম্বৰৰ পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে  ৬৪ সংখ্যক আন্তৰাষ্ট্ৰীয় সাংকেতিক ভাষা দিৱস পালন কৰা হৈছে।

বধিৰসকলৰ সপ্তাহজোৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম বধিৰ সন্থাৰ সম্পাদক তপন কুমাৰ শৰ্মাই বধিৰসকলে সন্মুখীন হোৱা সমস্যা সম্পৰ্কে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে মনৰ অসন্তুষ্টি ৷ দোভাষীৰ জৰিয়তে বধিৰ সন্থাই অৱগত কৰিলে ৰাজ্যখনত বধিৰসকলে সন্মুখীন হোৱা শৈক্ষিক সমস্যাৰ কথাও ৷ তেওঁলোকে জনোৱামতে, ৰাজ্যখনৰ প্ৰায় ১২ লাখ বধিৰৰ বিপৰীতে মাথো দুখন বধিৰ বিদ্যালয়হে আছে অসমত ৷ য'ত মাথো ৫৫০ জন বধিৰ শিক্ষাৰ্থীয়ে শিক্ষাগ্ৰহণ কৰিব পাৰে ৷ ৰাজ্যখনৰ ৩৪খন জিলাতেই বধিৰ বিদ্যালয় নাই আৰু তাৰফলত বৃহৎ সংখ্যকেই শিক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া হয় ৷ সেয়ে বধিৰসকলৰ শিক্ষাৰ বাবে ৰাজ্যখনত অধিক বিদ্যালয় স্থাপনৰ দাবী জনায় বধিৰ সন্থাই ৷

অসমৰ বধিৰ বিদ্যালয়সমুহৰ পৰা অসমীয়া বিষয়টো কিয় উঠাই দিয়া হ'ল বুলি ক্ষোভ প্ৰকাশ কৰি অসমীয়া বিষয়টো পাঠ্যক্ৰমত অন্তৰ্ভূক্তিৰ  দাবী জনায় ৷ আনহাতে নৰেন্দ্ৰ মোদী চৰকাৰে প্ৰতিবন্ধীসকলৰ বাবে গ্ৰহণ কৰা বিশেষ আঁচনি ফাইলতে সীমাৱদ্ধ থকা বুলিও ক্ষোভ উজাৰে ৷ ইপিনে বধিৰসকলৰ সংস্থাপনৰ বাবে ভূমি আৱণ্টন দিয়া, মাহেকীয়া পেঞ্চন ১,০০০ টকাৰ পৰা ৩,০০০ হাজাৰ টকালৈকে বৃদ্ধি কৰা আদি ২৬ দফীয়া দাবীসমুহ পূৰণৰো দাবী তোলে ৷

আজি বধিৰ সন্থাৰ অনুষ্ঠানত বৰপেটা জিলা প্ৰশাসনৰ কোনো বিষয়া উপস্থিত নোহোৱা কথাকলৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰে অসম বধিৰ সন্থাই ৷
Published by:Manjumoni Borah
First published: