মুখ্যপৃষ্ঠা »খবৰ »অসম »Olympic Day: অসমত পালন আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস, হিমা দাসৰ হাতত অন্তিম সুযোগ

Olympic Day: অসমত পালন আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস, হিমা দাসৰ হাতত অন্তিম সুযোগ

হিমাৰ সন্মুখত আছে ২৫ জুনৰ পৰা পাঞ্জাবত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাজ্যিক এথলেটিকছ।

হিমাৰ সন্মুখত আছে ২৫ জুনৰ পৰা পাঞ্জাবত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাজ্যিক এথলেটিকছ।

  • Share this:

আৰু ২৮ দিন পিছত জাপানৰ ৰাজধানী চহৰ টকিঅ'ত আৰম্ভ হ'ব অলিম্পিক গেমছ। টকিঅ' অলিম্পিকৰ প্ৰাকমুহুৰ্তত বুধবাৰে বিশ্ববাসীয়ে পালন কৰে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম অলিম্পিক সন্থা (Assam Olympic Association)য়ো বুধবাৰে কোভিড প্ৰট'কল অনুযায়ী পালন কৰে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস। অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱাল, উপ–সভাপতি ক্ৰীড়া মন্ত্ৰী বিমৰ বৰা, সাধাৰণ সম্পাদক  লক্ষ্য কোঁৱৰৰ লগতে বহু সংখ্যক ক্ৰীড়া সংগঠকে অংশ লয় আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱসৰ গুৱাহাটীৰ কাৰ্যসূচীত।


অসম অলিম্পিকৰ কৰ্মকৰ্তাই দিৱসৰ সৈতে সংগতি ৰাখি এটা কেক কাটে। এই দিৱস উপলক্ষে ক্ৰীড়া ভিত্তিক ৰচনা আৰু চিত্ৰাংকন প্ৰতিযোগিতাও আযোজন কৰিছিল, য'ত ৰাজ্যৰ প্ৰায় তিনিশ প্ৰতিযোগীয়ে অংশ লৈছিল।


অন্তিম  সুযোগ হিমা দাসৰ


অলিম্পিক গেমছলৈ যোগ্যতা অৰ্জনৰ অপেক্ষাত আছে অসমৰ তাৰক এথলীট হিমা দাস। হিমাৰ সন্মুখত আছে ২৫ জুনৰ পৰা পাঞ্জাবত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাজ্যিক এথলেটিকছ। ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত সফল হ'ব পাৰিলেই হিমাই যোগ্যতা অৰ্জন কৰিব টকিঅ' অলিম্পিকলৈ। হিমা দাসৰ সন্মুখত অলিম্পিকৰ এইটো হ'ব অন্তিমটো সুযোগ।ৰাষ্ট্ৰীয় এথলেটিকছত মহিলাৰ ২০০ মিটাৰ আৰু মহিলাৰ ৪×১০০ মিটাৰত অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ বাবে চেষ্টা চলাব হিমা দাসে। এই কথা নিউজ–১৮ক জনালে হিমাৰ প্ৰশিক্ষক নিপন দাসে। ভাৰতীয় এথলেটিকছৰ উপ সভাপতিৰ দায়িত্বত থকা লক্ষ্য কোঁৱৰেও হিমাৰ অলিম্পিকৰ সুযোগক লৈ আশাবাদী হৈ আছে।

শেহতীয়া বাতৰি